ৰাজ্যত নিৰন্তৰভাৱে অব্যাহত থাকিব উচ্ছেদ অভিযান
ৰঙিলী বাৰ্ত্তাসেৱা- বেদখলক লৈ পুনৰ কঠোৰ স্থিতি প্রকাশ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।বনাঞ্চল আৰু চৰকাৰী ভূমিৰ বেদখল উচ্ছেদ অভিযান নিৰন্তৰভাৱে চলি থাকিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- সমগ্র অসমতে বনাঞ্চলত যি বেদখল চলি আছে, ভিজিআৰ-পিজিআৰৰ ভূমি বেদখল কৰি থকা এই সকলোবোৰতে চলিব উচ্ছেদ। বিশেষকৈ বনাঞ্চল আৰু ভিজিআৰ-পিজিআৰত সন্দেহযুক্ত লোকে চলাই থকা সকলোধৰণৰ বেদখল মুক্ত কৰা হ’ব। ই এক দীঘলীয়া প্রক্রিয়া। নিৰৰ্ত্তৰভাৱে এই উচ্ছেদ চলি থাকিব। নগাঁৱৰ লুটিমাৰীত উচ্ছেদ অভিযান ইতিমধ্যে সমাপ্ত হৈছে। বৰপানীত বেদখল উচ্ছেদৰ ক্ষেত্ৰত ন্যায়ালয়ত গোচৰ চলি আছে। গোচৰৰ বাবে সাময়িকভাৱে উচ্ছেদ বন্ধ আছে। প্ৰায় ডেৰশ পৰিয়ালৰ ক্ষেত্ৰত স্থগিতাদেশ আছে । স্থগিতাদেশ প্ৰত্যাহাৰৰ পাছতেই বৰপানীতো উচ্ছেদ চলিব ।
