ৰাজ্যত উদ্বেগজনকভাবে হিন্দুৰ জনসংখ্যা হ্রাস! অস্বাভাৱিক হাৰত বৃদ্ধি মুছলমানৰ জনসংখ্যা
ৰঙিলী বাৰ্ত্তাসেৱা- নিয়মিতভাৱে হৈ থকা অনুপ্ৰৱেশে অসমৰ জনগাঁথনিত সৃষ্টি কৰা পৰিৱৰ্তনে এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে। পূর্ববংগীয় মুছলমানৰ অনুপ্ৰৱেশ আৰু এই সম্প্ৰদায়ৰ মাজত বৃদ্ধি হোৱা জনসংখ্যাই ক্রমাৎ শংকা নমাই আনিছে খিলঞ্জীয়া হিন্দুৰ মাজত। উল্লেখ্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে জনগাঁথনি মিছন সম্পৰ্কীয় এক উচ্চস্তৰীয় সমিতিত শেহতীয়াকৈ প্ৰকাশ কৰিছে হিন্দু জনসংখ্যাৰ বিপৰীতে মুছলমান জনসংখ্যা বৃদ্ধিৰ তথ্য। দেশত বৃদ্ধি পোৱা মুছলমান জনসংখ্যাৰ হাৰক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত লিখিছে, দশক দশক ধৰি অনুপ্ৰৱেশৰ ফলত অসম জনগাঁথনিগত পৰিৱৰ্তনৰ ভুক্তভোগী হৈ আহিছে৷ এই ৰূঢ় বাস্তৱৰ প্ৰতিফলন হৈছে যে আমাৰ জনসংখ্যাৰ ৩৮%তকৈ অধিক মুছলমান। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াৰ দ্বাৰা জনগাঁথনি মিছন সম্পৰ্কীয় এখন উচ্চস্তৰীয় সমিতিৰ ঘোষণা কৰা হৈছে৷ ইয়াৰ জৰিয়তে এই ৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ বিজ্ঞানসন্মতভাৱে অধ্যয়ন আৰু মোকাবিলা কৰাৰ বাবে নীতিগত পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ এয়া নিশ্চিতভাৱে এক ঐতিহাসিক আৰু অতি প্ৰয়োজনীয় পদক্ষেপ। আনহাতে মুছলমান জনসংখ্যাৰ হাৰক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এক উদ্বেগজনক তথ্যও দাঙি ধৰে। এই তথ্য অনুসৰি অসমত বিগত ৫০ বছৰত মুছলমান জনসংখ্যা ১৪ শতাংশ বৃদ্ধি হোৱাৰ বিপৰীতে হিন্দু জনসংখ্যা ১৫ শতাংশলৈ হ্রাস পাইছে। মুখ্যমন্ত্রী ড° শর্মাই দাঙি ধৰা তথ্য অনুসৰি অসমত ১৯৭১ চনত হিন্দু জনসংখ্যা আছিল ৭২.৫১ শতাংশ আৰু মুছলমান জনসংখ্যা আছিল ২৪.৫৬ শতাংশ। ১৯৯১ চনত হিন্দু জনসংখ্যা হ্রাস হৈ ৬৭.১৩ শতাংশ হয়গৈ। ইয়াৰ বিপৰীতে মুছলমান জনসংখ্যা ২৮.৪৮ শতাংশলৈ বৃদ্ধি পায়। হিন্দু জনসংখ্যাৰ এনে হ্রাস অব্যাহত থাকে ২০০১ চনতো। লোকপিয়লৰ ২০০১ চনৰ তথ্য অনুসৰি হিন্দুৰ জনসংখ্যা ৬৪.৮৯ শতাংশ হোৱাৰ বিপৰীতে ২০০১ চনত মুছলমান জনসংখ্যা ৩০.৯২ শতাংশলৈ বৃদ্ধি পায়। আনহাতে ২০১১ চনত হিন্দু জনসংখ্যা হ্রাস পাই ৬১.৪৬ শতাংশ হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা ৩৪.২২ শতাংশলৈ বৃদ্ধি পাইছে। বিগত ৪০টা বছৰত হিন্দু জনসংখ্যা হ্রাস হোৱা আৰু মুছলমান জনসংখ্যা বৃদ্ধি হোৱাৰ এই প্ৰৱণতাৰ প্ৰতি লক্ষ্য কৰিলে ২০২১ চনত হিন্দু জনসংখ্যা ৫৭ শতাংশলৈ হ্রাস হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা ৩৮ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে শেহতীয়াকৈ মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যত খিলঞ্জীয়া জনগোষ্ঠীক সংখ্যালঘুত পৰিণত হোৱাৰ সম্ভাৱনাকো আঙুলিয়াই দিছিল। মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১১ চনৰ লোকপিয়ল অনুসৰি মুছলমান জনসংখ্যা ৩৪ শতাংশলৈ বৃদ্ধি হোৱালৈ চাই কিছুবছৰ পিছত খিলঞ্জীয়া সংখ্যালঘুত পৰিণত হ’ব। অনুপ্রৱেশ আৰু মুছমান সম্প্ৰদায়ৰ মাজত অনিয়ন্ত্রিতভাবে বৃদ্ধি হোৱা জনসংখ্যাই ২০৩১ আৰু ২০৪১ চনৰ ভিতৰত অসমত মুছলমান জনসংখ্যা আৰু খিলঞ্জীয়া লোকৰ জনসংখ্যা সমান সমান হোৱাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে স্বাধীনতাৰ ভাৰতত হোৱা লোকপিয়লৰ তথ্য দাঙি ধৰি ২০০১ চনৰ পৰা ২০১১ চনৰ ভিতৰত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ ১৬.৮ শতাংশ হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা ২৪.৬ শতাংশ হাৰত বুদ্ধি পাইছে বুলি তথ্য প্রকাশ কৰিছে।