ৰাজ্যজোৰা উচ্ছেদ অভিযানৰ প্ৰতি আদৰণি হিন্দু সুৰক্ষা সেনা,অসম আৰু লাচিত সেনা “থলগিৰি”ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শেহতীয়াভাৱে ৰাজ্যজুৰি চলোৱা উচ্ছেদ অভিযানৰ প্ৰতি আদৰণি জনাইছে হিন্দু সুৰক্ষা সেনা , অসম আৰু লাচিত সেনা“থলগিৰি”য়ে আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক যুটীয়া সংবাদমেলৰ জৰিয়তে বিষয়টোৰ ওপৰত মন্তব্য আগবঢ়াই সংগঠন দুটাৰ নেতৃবৰ্গই কয় যে , সমগ্ৰ দেশতে বিৰল এনেধৰণৰ ব্যাপক তথা সাহসিকতাপূৰ্ণ উচ্ছেদ অভিযানে অসমত অন্তত: পৰৱৰ্তী কিছুদিনলৈ খিলঞ্জীয়া ৰাইজৰ বাবে নিৰাপদ অনুভৱ কৰাৰ পথ প্ৰশস্ত কৰিলে ৷ সংবাদমেলখনত তেওঁলোকে আৰু কয় যে, বিগত দিনবোৰত একমাত্ৰ নিজৰ ভোটবেংকৰ স্বাৰ্থতেই কংগ্ৰেছ চৰকাৰসমূহে অসমৰ বনভূমি , গোচাৰণ ভূমি আৰু আৰ্দ্ৰভূমিকে ধৰি সকলোধৰণৰ চৰকাৰী তথা ৰাজহুৱা ভূমি পূৰ্ববংগীয় মূলৰ মুছলমানক বাধাহীন বেদখলৰ বাবে মুকলি কৰি দি ৰাজ্যখনৰ সামগ্ৰীকভাৱে হিন্দু আৰু বিশেষভাৱে খিলঞ্জীয়া সমাজৰ যি অপকাৰ সাধিলে সেয়া কল্পনাতীত ৷ এই বেদখলৰ সহায়তে নিজৰ জনবিস্ফোৰণ ঘটাই পূৰ্ববংগীয় মূলৰ মুছলমানে অসমৰ প্ৰতিটো হিন্দু তথা খিলঞ্জীয়া জনগোষ্ঠীকে গ্ৰাস কৰি আনিছে বুলি মন্তব্য দি তেওঁলোকে বেদখল উচ্ছেদ অভিযান তীব্ৰগতিত অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ একেখন সংবাদমেলতে সংগঠন দুটাই গুৱাহাটী মহানগৰীৰ দ্ৰুত পৰিৱৰ্তিত জনগাঁথনিৰ প্ৰতিও চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে ৷ এই সন্দৰ্ভত তেওঁলোকে কয় যে – যোৱা দুটামান দশকৰ ভিতৰতে গুৱাহাটী মহানগৰীত পূৰ্ববংগীয় মূলৰ মুছলমানৰ যি অকল্পনীয় সংখ্যাবৃদ্ধি ঘটিছে , সেই বৰ্দ্ধিত সংখ্যাই সমগ্ৰ ৰাজধানী মহানগৰীখনকে স্পৰ্শকাতৰ আৰু বিপদজনক কৰি তুলিছে ৷ বিশেষকৈ বেদখলৰ জৰিয়তে একাংশই মহানগৰীৰ পাহাৰে পাহাৰে গঢ়ি তোলা মিনি বাংলাদেশসমূহে অদূৰ ভৱিষ্যতে অতি গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব বুলি সঁকীয়াই দি নেতাকেইগৰাকীয়ে তাৎক্ষণিকভাৱে গুৱাহাটীতো মিঞাৰ বেদখলৰ বিৰুদ্ধে কঠোৰ উচ্ছেদ অভিযান চলাবলৈ কৰ্তৃপক্ষক অনুৰোধ জনায় ৷ আনহাতে টেলিভিশ্যনৰ লাইভ টক শ্ব’ত এগৰাকী জনপ্ৰতিনিধিয়ে একমাত্ৰ বেদখলকাৰীৰ স্বাৰ্থতেই এজন জ্যেষ্ঠ সাংবাদিকক অপমান কৰা ঘটনালৈ আঙুলিয়াই দি সংগঠন দুটাৰ নেতৃবৰ্গই কয় যে উক্ত ঘটনাই পূৰ্ববংগীয় মুছলমানসকলৰ ইকোছিষ্টেম কিমান শক্তিশালী সেই কথাৰে প্ৰমাণ দিছে ৷ আজিৰ এই সংবাদমেলত হিন্দু সুৰক্ষা সেনা , অসমৰ ফালৰপৰা সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাঞ্চন নাথ , সহকাৰী সম্পাদক ভাষ্কৰ বৰ্মন,সম্পাদক মিঠুন দাস,বিত্ত সম্পাদক সপন বৰ্মন,প্ৰচাৰ সম্পাদক বিপ্লৱ দাস,প্ৰচাৰ সম্পাদক সুজিৎ সৰকাৰ লগতে মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক বুবু ৰাভা আদি উপস্থিত থাকে৷ লগতে লাচিত সেনা (থলগিৰি)ৰ ফালৰপৰা কেন্দ্ৰীয় সভাপতি গগন কলিতা,মূখ্য সচিব অপূর্ব বৰুৱা,সহ সচিব ৰাজিব কুমাৰ দাস,মূখ্য প্ৰচাৰ সচিব ৰাতুল দাস, সাংগঠনিক সচিব ৰাজা হাজৰিকা, উপ সভাপতি পঙ্কজ ৰাজবংশী,আদি উপস্থিত থাকে ৷