ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছৰ শ্বহীদ দিৱস পালন
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বৃহৎ গণ আন্দোলনৰ শ্বহীদসকলক স্মৰণ জনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰে। ৰাজ্যখনৰ ৮৬০ গৰাকী শ্বহীদৰ প্ৰতি জিলা কংগ্ৰেছসমূহৰ কাৰ্যালয় আৰু শ্বহীদ স্মাৰকৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে। গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈ, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা প্ৰমুখ্যে বহুকেইজন নেতা-কৰ্মীয়ে বন্তি প্ৰজ্বলনৰে শ্বহীদৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছে ডিগাৰু উচ্চ মাধ্যমিক বিদ্যালয়ত শ্বহীদ দিৱস উদযাপন কৰে। গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি স্বপন দাসৰ উদ্যোগত বিদ্যালয়খনত শ্বহীদ স্মাৰকৰ সন্মুখত বন্তি প্ৰজ্বলনৰে এই কাৰ্যসূচী পালন কৰা হয়। ইফালে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰমুখ্যে নেতাসকলে সামাজিক মাধ্যমৰ যোগেদি শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।
