ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছৰ ড০ মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি

ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছৰ ড০ মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশিষ্ট অৰ্থনীতিবিদ প্ৰয়াত ড০ মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসম প্ৰদেশ কংগ্ৰেছে সমগ্ৰ ৰাজ্যতে শোক দিৱস পালন কৰে। ইয়াৰে অংশ হিচাপে ৰাজীৱ ভৱনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল উপস্থিত হৈ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসভা অনুষ্ঠিত কৰি তেওঁৰ কৰ্মৰাজিক স্মৰণ কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে সভাখনৰ আঁত ধৰে আৰু তেখেতে মনমোহন সিং ডাঙৰীয়াই অসমৰ বিভিন্ন শিতানলৈ কেনেধৰণে উন্নয়নৰ পুঁজি আগবঢ়াই অসমৰ অৰ্থনীতিৰ বুনিয়াদ সবল কৰাৰ চেষ্টা চলাইছিল সেই বিষয়ে আলোকপাত কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ বলীন কুলী, ৰিপুণ বৰা, উপ-সভাপতি নৃপেন ঠাকুৰীয়া, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, ৰূপা দেউৰী, বালিকা পেগু প্ৰমুখ্যে কেবাজনো বিধায়কে আজি এই শোকসভাত অংশগ্ৰহণ কৰে। বিধায়িকা নন্দিতা দাস, বিধায়ক দিগন্ত বৰ্মন, শিৱামণি বৰা, আব্দুৰ ৰছিদ মণ্ডলে ড০ মনমোহন সিঙৰ জীৱনৰ বিষয়ে আলোকপাত কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰায়ো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অতীত স্মৃতি ৰোমন্থন কৰে। প্ৰদেশ কংগ্ৰেছৰ প্ৰায়সকল নেতা-কৰ্মীয়ে আজি ৰাজীৱ ভৱনত দিনৰ ভাগত উপস্থিত হৈ প্ৰয়াত ড০ মনমোহন সিঙৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।