ৰাজ্যজুৰি ছোনিয়া গান্ধীৰ জন্মদিন পালন প্ৰদেশ কংগ্ৰেছৰ

pc Wikipedia

ৰাজ্যজুৰি ছোনিয়া গান্ধীৰ জন্মদিন পালন প্ৰদেশ কংগ্ৰেছৰ
এমজিএনৰেগা, খাদ্য সুৰক্ষা আইন, আৰটিআইক লৈ জিলাই জিলাই আলোচনা

ৰঙিলী বাৰ্ত্তাসেৱা- মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনি, খাদ্য সুৰক্ষা আইন, তথ্য জনাৰ অধিকাৰ আইন আদিৰ দৰে আইন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ছোনিয়া গান্ধীৰ জন্ম দিন কালি ৰাজ্যজুৰি পালন কৰে অসম প্ৰদেশ কংগ্ৰেছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ উপস্থিতিত লখিমপুৰৰ ৰঙানদী সমষ্টিত ইউপিএৰ প্ৰাক্তন অধ্যক্ষ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভানেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীৰ জন্ম দিন পালন কৰা হয়৷ গান্ধীৰ জন্ম দিন উপলক্ষে কংগ্ৰেছ দলৰ ভূমিকা আৰু কংগ্ৰেছ দলৰ দূৰদৰ্শিতা সম্পৰ্কত অনুষ্ঠিত সভাত তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা আৰু জিলা কংগ্ৰেছৰ সভাপতিয়ে আলোচনা আগবঢ়ায়৷ ৰঙানদী সমষ্টিত জন্ম দিন পালন কাৰ্যসূচীত অংশ লৈ ভূপেন বৰাই ছোনিয়া গান্ধীক দূৰদৰ্শী নেত্ৰী, ত্যাগ আৰু সাহসৰ প্ৰতীক আখ্যা দিয়ে৷ ভূপেন বৰাই লগতে কয় যে মনমোহন সিং চৰকাৰৰ দিনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হৈ থকা ছোনিয়া গান্ধীয়ে গাঁৱলীয়া পৰিয়ালসমূহক ১০০ দিনৰ কামৰ নিশ্চিতি প্ৰদান কৰিবলৈ নিয়োগ নিশ্চিত আইন ৰূপায়ন কৰিছিল৷ ইয়াৰ দ্বাৰা গাঁৱলীয়া পৰিয়ালৰ জীৱিকা নিশ্চিত হৈছিল৷ ফলত দৰিদ্ৰতা হ্ৰাস হৈছিল৷ ২০০৬ চনৰ পৰা আৰম্ভ হোৱা এই আঁচনিয়ে লক্ষ লক্ষ লোকক নিয়োগৰ সুবিধা দিছিল৷ কিন্তু এনডিএৰ চৰকাৰে এই আইনখনৰ বাজেট হ্ৰাস কৰিছে৷ বিজেপিয়ে আঁচনিখনক লৈ জটিলতাই নহয়, আঁচনিখনৰ আইনী অধিকাৰ কম কৰিছে৷ দেশৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ ক্ষেত্ৰত মনমোহন সিং আৰু ছোনিয়া গান্ধীয়ে বিশেষ আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও কয় সভাপতি বৰাই৷ ছোনিয়া গান্ধীৰ জন্মদিন পালন কাৰ্যসূচীত অংশ লৈ বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি সভাপতিগৰাকীয়ে কয় যে কংগ্ৰেছ দলটোৱে পঞ্চায়ত নিৰ্বাচনক লৈ আগন্তুক যি ৰণনীতি তাকে লৈ আলোচনা কৰা হৈছে৷ সদ্যহতে আমি পঞ্চায়ত নিৰ্বাচনত মনোনিৱেশ কৰিছো৷ পঞ্চায়ত নিৰ্বাচনৰ পিছত ৰাইজৰ মত বুজি পাম৷ ৰাইজে কি বিচাৰিছে সেই কথা আমি বুজি পাম৷ উপ-নিৰ্বাচন কেৱল ৫টা সমষ্টিতহে অনুষ্ঠিত হৈছিল৷ পঞ্চায়ত নিৰ্বাচন বুথে বুথে, ৱাৰ্ডে ৱাৰ্ডে হ’ব৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল চাইহে পৰৱৰ্তী সময়ত বিধানসভাৰ নিৰ্বাচনক লৈ আলোচনা কৰিম৷ আনহাতে, নাওবৈচা সমষ্টি মুখ্যমন্ত্ৰীয়ে নষ্ট কৰা বুলি অভিযোগ উত্থাপন কৰি ভূপেন বৰাই কয় যে হিমন্ত বিশ্ব শৰ্মাই এই সমষ্টিটো নষ্ট কৰিছে৷ সমষ্টিটো দুফাল কৰি বেমেজালিৰ সৃষ্টি কৰিছে৷ ৰঙানদী সমষ্টিৰ ৰাস্তা খুব বেয়া৷ মই মুখ্যমন্ত্ৰীক লগ পাওতে মুখ্যমন্ত্ৰীক কৈছো৷ বিজেপি আৰু মুখ্যমন্ত্ৰীয়ে ৰঙানদী সমষ্টিক মাহীআইৰ চকুৰে চাইছে৷ আনহাতে বিৰোধী বিধায়কে সমষ্টি এটা আগুৱাই নিব নোৱাৰে বুলি উল্লেখ কৰি বৰাই কয় যে সামাজিক, আৰ্থিকভাৱে সমষ্টি আগুৱাই নিবলৈ হ’লে চৰকাৰখনৰ সহযোগিতা লাগিব৷ বিধায়কজনে আবেদন-নিবেদন কৰিব পাৰিব৷ চৰকাৰেখনে নিদিও বুলি ভাবিলে কি কৰিব পাৰিব বিধায়কে৷ জালুকবাৰীত কাম হৈ আছে৷ হিমন্ত বিশ্ব শৰ্মাই নিজ সমষ্টিত দি আছে. ৰঙানদী সমষ্টিত ৰাস্তা বিলাক কিয় নহয়৷ স্কুল, ভাল হাস্পতাল কিয় নহয়৷ বিজেপিৰ বাবে ৰঙানদী সমষ্টিৰ সামগ্ৰিক বিকাশ ৰুদ্ধ হৈছে৷ ইফালে, ৰাজীৱ ভৱনতো কেন্দ্ৰীয়ভাৱে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ জন্ম দিৱস পালন কৰা হয়৷ ৰাজীৱ ভৱনত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰামান্না বৰুৱা, বিপুল কুমাৰ গগৈৰ নেতৃত্বত কংগ্ৰেছ নেত্ৰীগৰাকীৰ জন্ম দিৱস উদযাপন কৰা হয়৷ বিভিন্ন জিলাতো ছোনিয়া গান্ধীৰ জন্ম দিৱস পালন কৰা হয়৷ শোণিতপুৰ জিলা কংগ্ৰেছে পালন কৰা ছোনিয়া গান্ধীৰ জন্মদিন পালন কাৰ্যসূচীত অংশ গ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ছোনিয়া গান্ধীক দেশৰ মহিলাৰ আদৰ্শ বুলি কয়৷ ভাৰতৰ ৰাজনীতিত মহিলাৰ অংশীদাৰিত্বক লৈ চিন্তা ব্যক্ত কৰি ছোনিয়া গান্ধীয়ে হাজাৰ বাধা-বিঘিনি স্বত্বেও ভাৰতীয় ৰাজনীতিত মাইলৰ খুঁটি হৈ থিয় দিয়া বুলিও কয় বেদব্ৰত বৰাই৷