ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰথম পৰ্যায়ৰ ‘টেলেণ্ট হাণ্ট’ সম্পন্ন

ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰথম পৰ্যায়ৰ ‘টেলেণ্ট হাণ্ট’ সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা– ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিখিল ভাৰত কংগ্ৰেছৰ মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্ট নিৰ্বাচন প্ৰক্ৰিয়া ‘টেলেণ্ট হাণ্ট’ৰ প্ৰথম পৰ্যায়ৰ সাক্ষাৎকাৰ গুৱাহাটীৰ লগতে অসমৰ ৬খন জিলাত অনুষ্ঠিত হয়। কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৬টা মণ্ডলত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্ট নিৰ্বাচন প্ৰক্ৰিয়াত তিনি শতাধিক প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আজি পুৱা ১০ বজাৰ পৰা এই টেলেণ্ট হাণ্টৰ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰদেশ কংগ্ৰেছৰ তত্ৱাৱধানত আৰু প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত এই টেলেণ্ট হাণ্ট কাৰ্যসূচীত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ হৈ প্ৰাক্তন সাংসদ ৰিপুন বৰা, ৰাম প্ৰসাদ শৰ্মা আৰু প্ৰাক্তন বিধায়ক মোহন বসুমতাৰী উপস্থিত থাকে। অনুষ্ঠানটোত জুৰী সদস্য হিচাপে এজন জ্যেষ্ঠ সম্পাদক আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা উপস্থিত থাকে। একেদৰে যোৰহাটত বিধায়ক ভাস্কৰজ্যোতি বৰুৱা পৰ্যবেক্ষক আৰু জুৰী সদস্য হিচাপে এজন জ্যেষ্ঠ সাংবাদিক আৰু অধিবক্তা উপস্থিত থাকে। অনুষ্ঠানটোত মিডিয়া বিভাগৰ তৰফৰ পৰা গোপাল শৰ্মাই অংশগ্ৰহণ কৰে। পাহাৰীয়া জিলা দুখনত মুখপাত্ৰ সম্বিত শৰ্মা, নামনি অসমৰ বঙাইগাঁৱত অনুষ্ঠিত কাৰ্যসূচীত ৰূপক দাস আৰু জুনেইদ হুছেইন, শিলচৰত বৰাক উপত্যকাৰ পৰা অৰ্ধশতাধিক প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰা টেলেণ্ট হাণ্ট কাৰ্যসূচীত মুখপাত্ৰ সঞ্জীৱ ৰয়ে অংশগ্ৰহণ কৰে। প্ৰতিটো মণ্ডলতে অনুষ্ঠিত টেলেণ্ট হাণ্ট অনুষ্ঠানত এজনকৈ জ্যেষ্ঠ সাংবাদিক আৰু অধিবক্তাই জুৰী সদস্য হিচাপে অংশগ্ৰহণ কৰে। আনহাতে, উত্তৰ অসমৰ তেজপুৰত অনুষ্ঠিত কাৰ্যসূচীত মুখপাত্ৰ মহচিন খানৰ লগতে কল্যাণ শইকীয়া আৰু জুৰী সদস্য হিচাপে এজন জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে। উল্লেখ্য যে, অহা ২১ আৰু ২২ ডিচেম্বৰত টেলেণ্ট হাণ্টৰ চূড়ান্ত নিৰ্বাচন প্ৰক্ৰিয়া গুৱাহাটীত অনুষ্ঠিত হ’ব। আজি গুৱাহাটীত হোৱা অনুষ্ঠান পৰিচালনা কৰে প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা আৰু সমন্বয়ক হেপ্পী গগৈয়ে।