ৰাজ্যজুৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ‘আমাৰ বুথ, আমাৰ দাবী’ শীৰ্ষক কাৰ্যসূচী পালন

ৰাজ্যজুৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ‘আমাৰ বুথ, আমাৰ দাবী’ শীৰ্ষক কাৰ্যসূচী পালন
উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই ‘অসম জাষ্টিছ’ পৰ্টেলত ১৫ হাজাৰৰো সমস্যাৰ অন্তৰ্ভুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  আমাৰ বুথ, আমাৰ দাবী শীৰ্ষক কাৰ্যসূচী আজি সমগ্ৰ ৰাজ্যজুৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সুচাৰুৰূপে পালন কৰে। ৰাজ্যখনৰ প্ৰায় ২৮ হাজাৰ বুথত বুথ কমিটিৰ সভাপতিসকল, ব্লক কংগ্ৰেছৰ সভাপতি, মণ্ডল কংগ্ৰেছৰ সভাপতিৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শীৰ্ষ আৰু জিলা পৰ্যায়ৰ সকলো নেতা-কৰ্মীয়ে আজি বুথসমূহত স্থানীয় সমস্যাসমূহ পৰ্যালোচনা কৰি ‘আছাম জাষ্টিছ’ নামৰ পৰ্টেলটোত অন্তৰ্ভুক্ত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত এতিয়া কেৱল বিকাশেই বিকাশ, শান্তিয়েই শান্তি বুলি কোৱাৰ বিপৰীতে স্থানীয়ভাৱে বিভিন্ন সমস্যাই ৰাজ্যখনক জুমুৰি দি ধৰিছে, বিশেষকৈ খোৱাপানীৰ সমস্যা, ৰাস্তা-ঘাটৰ সমস্যা, বিজুলীৰ সমস্যা, আন্তঃগাথনিৰ সমস্যা, যাতায়ত আৰু যোগাযোগৰ সমস্যা, মোবাইলৰ নেটৱৰ্ক নোপোৱাৰ সমস্যা, চিকিৎসালয়ত চিকিৎসক নথকা সমস্যাকে ধৰি একাধিক দৈনন্দিন সমস্যাৰ কথা আজি কংগ্ৰেছ কৰ্মীসকলে ৰাইজৰ পৰা জানি-বুজি লৈ পৰ্টেলটোত অন্তৰ্ভুক্ত কৰে। চৰকাৰে এফালে কৈ আছে যে অসমৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো কাৰ্পণ্য কৰা নাই, আনফালে গ্ৰামাঞ্চল আৰু চহৰৰ উপকণ্ঠ অঞ্চলত সমস্যাৰ কোনো অন্ত নথকাৰ অভিযোগ উত্থাপিত হৈছে। ৰাজ্যখনৰ হাজাৰ হাজাৰ বুথৰ কৰ্মীসকলে আজি অসম প্ৰদেশ কংগ্ৰেছৰ ব্লক, মণ্ডল আৰু জিলা পৰ্যায়ৰ নেতা-কৰ্মীসকলক লৈ এই অভিযান চলায়। দিনযোৰা কাৰ্যসূচীৰ অন্তত শেহতীয়া তথ্য অনুসৰি প্ৰায় ১৫ হাজাৰৰো অধিক এনেধৰণৰ সমস্যাৰ কথা পোহৰলৈ আহিছে। বিশেষকৈ মাজুলীৰ দৰে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিৰ পৰা দলং নথকা আৰু বাঁহৰ দলং থকা সৰ্বাধিক অভিযোগ আজি আহিছে। বিদ্যালয়সমূহত খেলপথাৰৰ অভাৱৰ অভিযোগো পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰীয়ে বিকাশৰ কথা কৈ থকাৰ সময়তে শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সমগ্ৰ ৰাজ্যতে বিভিন্ন সমস্যাই ৰাইজক জুৰুলা কৰি তুলিছে। এনে পৰিপ্ৰেক্ষিতত আজি কংগ্ৰেছে আৰম্ভ কৰা এই অভিযানৰ পিছতে অসমৰ গাঁৱে-ভূঞে সৰ্বসাধাৰণৰ মাজত খলকনিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। জ্যোষিতা দাসক ন্যায়ৰ দাবীত কাইলৈ জিলাই জিলাই কংগ্ৰেছৰ প্ৰতিবাদ উৰ্ধতন বিষয়াৰ মানসিক আতিশয্যাৰ বলি হৈ চৰম পন্থা বাচি লোৱা বঙাইগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা জ্যোষিতা দাসক ন্যায় প্ৰদানৰ দাবীত কাইলৈ অসম প্ৰদেশ কংগ্ৰেছে প্ৰতিখন জিলাতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে হাতত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিখন জিলাৰে কংগ্ৰেছ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰি চৰকাৰৰ বিভাগসমূহত সংঘটিত হৈ অহা দুৰ্নীতি-অনিয়মৰ তদন্ত দাবী কৰাৰ লগতে ভুক্তভোগী জ্যোষিতা দাসক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰিব। লগতে কৰ্মস্থলীত মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈকো চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব প্ৰদেশ কংগ্ৰেছে।