ৰাজীৱ ভৱনত ২২ খন জিলাৰ সভাপতি-সম্পাদকক লৈ পৰ্যালোচনা বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে বুথ পৰ্যায়ত দলৰ সাংগঠনিক স্থিতি পৰ্যালোচনা কৰিবলৈ ২২ খন জিলাৰ সভাপতি আৰু সম্পাদকসকলক লৈ ৰাজীৱ ভৱনত দিনযোৰা এক বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত জিলাৰ সভাপতিসকলৰ লগতে তত্বাৱধায়কসকলৰ লগত বিএলএৰ তালিকাৰ সবিশেষ তথা বুথ গঠনৰ কাম শেষ হ’ল নে নাই সেই বিষয়েও আলোচনা হয়। বুথসমূহত চলি থকা চৰকাৰী দুৰ্নীতি আৰু অনিয়মৰ বিষয়সমূহ সঠিকভাৱে ৰাইজৰ আগত দাঙি ধৰিবলৈ সভাত আলোচনা হয় আৰু অহা ১০ ডিচেম্বৰৰ পৰা এক কাৰ্যসূচী গ্ৰহণৰো সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে, ১৪ ডিচেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত ‘ভোট চোৰ গাদী ছোড়’ শীৰ্ষক বিশাল প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰিবলৈ জিলা আৰু সমষ্টিভিত্তিক প্ৰতিনিধি প্ৰেৰণৰ বিষয়টোও আজিৰ সভাই নিৰ্দিষ্ট কৰি দিয়ে। ইয়াৰ পূৰ্বে যোৱা ২৫ নৱেম্বৰত বিশ্বনাথ চাৰিআলিত ৬খন জিলাৰ সভাপতি-সম্পাদকসকলৰ লগত আৰু ২৭ নৱেম্বৰত যোৰহাটত ৭খন জিলাৰ সভাপতি-সম্পাদকলৰ লগত সভাপতি গৌৰৱ গগৈয়ে সাংগঠনিক বৈঠক অনুষ্ঠিত কৰে। আজিৰ এই গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত উপ-সভাপতি প্ৰণয় ৰাভা, শ্বৰিফউজ জামান, প্ৰাণেশ্বৰ বসুমতাৰী, জয়ন্ত কলিতা আৰু মেহদী আলম বৰাও উপস্থিত থাকে। বৈঠকত দলৰ সাধাৰণ সম্পাদক (সাংগঠনিক) বিপুল গগৈয়ো উপস্থিত থাকে।
