ৰাজীৱ ভৱনত বিশিষ্ট চিকিৎসকৰ সংবাদমেল
ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসক-নাৰ্ছৰ অভাৱ, দৰমহা গাঁথনিৰো আছে ভিন্নতা
এনএইছএমৰ হঠকাৰী সিদ্ধান্ত, অনিশ্চয়তাত ১২২ জন চিকিৎসকৰ চাকৰি
দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে আয়ুস্মান কাৰ্ডৰ সেৱা, দুখীয়া ৰাইজৰ হাহাকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডৰ পৰা একাংশ চিকিৎসক আৰু চিকিৎসা কৰ্মীক ৰাইজৰ সেৱাৰ পৰা অপসাৰিত কৰিব বিচাৰিছে। নেশ্যনেল হেলথ্ মিছনৰ ১৪ নৱেম্বৰৰ এক জাননী অনুসৰি প্ৰায় এবছৰ গ্ৰাম্যঞ্চলত চিকিৎসা সেৱা আগবঢ়োৱা ১২২ জন চিকিৎসকৰ চাকৰিৰ নিৰাপত্তা নোহোৱা হৈছে। অহা ৩০ নৱেম্বৰৰ ভিতৰত বহু চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ চাকৰিৰ কাৰ্যকাল শেষ হ’ব বুলি জাননীখনত ঘোষণা কৰা হৈছে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই অসমৰ গ্ৰাম্যঞ্চলৰ লোকসকলক স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত কৰিব। অসম প্ৰদেশ কংগ্ৰেছৰ স্বাস্থ্য সেৱা বিভাগৰ অধ্যক্ষ ড০ মৃদুপৱন মহন্তই আজি এক সংবাদমেলত এই অভিযোগ কৰি কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন চমুকৈ এনএইছএমত কৰ্মৰত প্ৰায় ২২ হাজাৰ চিকিৎসা আৰু স্বাস্থ্য খণ্ডৰ লোকৰ চাকৰিৰ কোনোধৰণৰ নিৰাপত্তা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৮ চনত সপ্তম দৰমহা আয়োগৰ হিচাপমতে এনএইছএমৰ চিকিৎসা কৰ্মীসকলক দৰমহা দিয়াৰ কথা ঘোষণা কৰিছিল যদিও সেয়া এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। নিয়ম অনুসৰি সকলো চৰকাৰী কৰ্মচাৰীৰ সমান কামৰ বাবে সমান দৰমহাৰ ব্যৱস্থা আছে যদিও এনএইছএমৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহয়। অসমত চিকিৎসা খণ্ডৰ উন্নতিৰ নামত বহু মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছে যদিও এই চিকিৎসালয় সমূহত চিকিৎসক আৰু বিশেষজ্ঞৰ লগতে কাৰিকৰী কৰ্মীৰ অভাৱ। নতুন নতুন ভৱন নিৰ্মাণ হৈছে আৰু এই ভৱনসমূহত চিকিৎসা খণ্ডৰ পৰীক্ষাগাৰ আৰু অন্যান্য যন্ত্ৰাংশক সংলগ্ন কৰা হৈছে যদিও চিকিৎসক আৰু বিশেষজ্ঞৰ অভাৱ। ডা০ মহন্তই কয় যে চৰকাৰী হাস্পতালসমূহত উপযুক্ত ধাত্ৰী আৰু কৰ্মচাৰীৰ অভাৱ। নলবাৰীৰ এখন চৰকাৰী চিকিৎসালয়ত শেহতীয়াকৈ চিকিৎসালয়ত ভৰ্তি হ’বৰ বাবে টিকট কাটিবলৈ গৈ ৰোগীসকল হতাশ হৈছে কিয়নো অনলাইন ব্যৱস্থাৰ যোগেদি কিউআৰ কোডত ধন জমা দিবলগীয়া হয়। গাঁৱৰ বহু মানুহে স্মাৰ্ট ফোন নিনিয়া বাবে চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। চৰকাৰে আয়ুস্মান কাৰ্ড বন্ধ কৰি দিয়াত সাধাৰণ ৰোগীৰ অৱস্থা শোচনীয় হোৱা বুলি উল্লেখ কৰি মহন্তই কয় যে চৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহে সততে কৰ্কট ৰোগীৰ বাবে প্ৰয়োজন হোৱা ৰেডিঅ’ থেৰাপীৰ মেচিন বেয়া হৈ থাকে। একেদৰে হৃদৰোগৰ লগত জড়িত বিভিন্ন যন্ত্ৰ-পাতিও মেৰামতিৰ অভাৱত বিকল হৈ থাকে। এতিয়া জৰুৰী অৱস্থাত থকা ৰোগীসকলে বিনামূলীয়া চিকিৎসাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ যাবলগীয়া হয় যদিও তাত আয়ুস্মান কাৰ্ডৰ সেৱা উপলব্ধ নহয়। অসমৰ চুবুৰীয়া ৰাজ্যসমূহে আয়ুস্মান কাৰ্ডৰ যোগেদি অসমলৈ আহি চিকিৎসা কৰিব পাৰে যদিও অসমত এই কাৰ্ডৰ সেয়া বন্ধ কৰি থোৱা হৈছে। ইয়াৰ ফলত অসমৰ কৰ্কট ৰোগী আৰু তেওঁলোকৰ পৰিয়ালসমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। অসমত চৰকাৰী স্বাস্থ্যখণ্ডত বুনিয়াদী সা-সুবিধা নথকাৰ বাবে প্ৰসুতি আৰু শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱা বুলি সংবাদমেলত উপস্থিত চিকিৎসকসকলে অভিযোগ কৰে। এনএইছএমত কৰ্মৰত কৰ্মচাৰীসকলে কম দৰমহা পোৱা বাবে তেওঁলোকে সঠিকভাৱে সেৱা আগবঢ়াব নোৱাৰে। নাৰ্ছসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত নহয় বুলিও সংবাদমেলত চিকিৎসকসকলে উল্লেখ কৰে। সংবাদমেলত উপস্থিত থকা ডা০ অমিত তালোৱাৰে কয় যে প্ৰাথমিক স্বাস্থ্য খণ্ডত চিকিৎসক তথা বিশেষজ্ঞৰ অভাৱ বাবে ৰোগীসকল সমস্যাত পৰি আহিছে। জিলা স্বাস্থ্যকেন্দ্ৰসমূহত মেচিন আছে যদিও মেচিন চলোৱা বিশেষজ্ঞ নাই। যাৰবাবে মেডিকেল কলেজসমূহৰ ওপৰত হেঁচা বাঢ়িছে। বৰ্তমান অসমত ১৩খন মেডিকেল কলেজ আছে যদিও এই কলেজসমূহত প্ৰয়োজনীয় চিকিৎসক তথা চিকিৎসা কৰ্মীৰ অভাৱ। বিশেষজ্ঞ চিকিৎসক নোহোৱা বাবে আৱাসিক চিকিৎসকৰ দ্বাৰা মেডিকেল কলেজসমূহ চলি আছে। মেডিকেল কাউন্সিল অব ইণ্ডিয়াৰ বিশেষজ্ঞ পৰিদৰ্শন কৰিবলৈ আহিলে এখন মেডিকেল কলেজৰ পৰা আনখন মেডিকেল কলেজলৈ চিকিৎসকলক বদলি কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেডিকেল কলেজৰ সংখ্যা ২৯খনলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে যদিও প্ৰয়োজনীয় চিকিৎসক আৰু নাৰ্ছৰ অভাৱত বৰ্তমানৰ চিকিৎসা মহাবিদ্যালয়কেইখনেই সুস্থিৰ নহয় বুলি ডা০ তালোৱাৰে অভিযোগ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক উদ্দেশ্যৰে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰা বুলিও আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ চিকৎসা সেৱা বিভাগৰ চাৰিজন বিশিষ্ট চিকিৎসকে অভিযোগ কৰে। সংবাদমেলত বিভাগৰ উপ-সভাপতি ডা০ প্ৰভাকৰ দাস, সাধাৰণ সম্পাদক ডা০ সঞ্জীৱ মালাকৰো উপস্থিত আছিল।
