ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ বৈঠক সম্পন্ন

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ বৈঠক সম্পন্ন
অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী সভাপতি গৌৰৱ গগৈৰ
কেন্দ্ৰৰ পৰা বান সাহায্য আদায়ত ব্যৰ্থ হিমন্ত বিশ্বক দেশৰ আটাইতকৈ দুৰ্বল মুখ্যমন্ত্ৰী আখ্যা জিতেন্দ্ৰ সিঙৰ

ৰঙিলী বাৰ্ত্তাসেৱা– গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকখন সঞ্চালনা কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। বৈঠকৰ আৰম্ভণিতে চাৰিবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহেমদৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শেহতীয়া বানত মৃত্যু হোৱা লোকসকলৰ আত্মাৰ সদ্গতিৰ কামনাৰে মৌন প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে বৈঠকত কেবাটাও বিষয়ক লৈ গুৰুত্বসহকাৰে আলোচনা কৰাৰ লগতে কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই বিষয়সমূহৰ অন্যতম হৈছে ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি। বান সমস্যাক লৈ বিশদভাৱে আলোচনা কৰি বিজেপিৰ ভিজন ডকুমেণ্টত তেওঁলোকে অসমক বানমুক্ত কৰিম বুলি কৰা ঘোষণা অসাৰ হোৱাৰ কথা দাঙি ধৰা হয়। তেওঁলোকে কেৱল ভোট লাভৰ বাবেহে সেই কথা ক’লে। কিন্তু পৰৱৰ্তী সময়ত যোৱা প্ৰায় ১০ বছৰীয়া কাৰ্যকালত অসমক বানমুক্ত কৰিবলৈ একো ব্যৱস্থাই নল’লে। ইয়াৰ উপৰি ডাব’ল ইঞ্জিন চৰকাৰ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি দলে সততে দাবী কৰি আহিলেও দুৰ্নীতি-ভ্ৰষ্টাচাৰত লিপ্ত মুখ্যমন্ত্ৰীগৰাকীয়ে গাদী যোৱাৰ ভয়ত অসমৰ সমস্যাসমূহ সমাধানৰ বাবে কেন্দ্ৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰাৰ পৰিৱৰ্তে আঁঠু লৈহে আহিছে বুলি বৈঠকত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীৰ দুৰ্বল স্থিতিৰ বাবেই বান সাহায্য, পুনৰ সংস্থাপন তথা বান সাহায্যৰ নামত অসমে কেন্দ্ৰৰ পৰা বছৰি পাবলগীয়া অনুদান সময়মতে পোৱা নাই। বিজেপিয়ে অসমক মাহীআইৰ দৃষ্টিৰে চোৱা বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি উল্লেখ কৰি আজিৰ সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু মুখ্যমন্ত্ৰীৰ বিফলতাক তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়ে। আজিৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অসম ভ্ৰমণৰ পূৰ্বেই কেন্দ্ৰই অসমক দিবলগীয়া বান সাহায্য মুকলি কৰি দিবলৈকো দাবী জনায়। ইফালে, বৈঠকৰ পিছত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা তত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সম্বোধন কৰা এক সংবাদমেলতো বিষয়টো সাংবাদিকসকলৰ আগত তুলি ধৰা হয়। সংবাদমেলত সভাপতি গৌৰৱ গগৈয়ে বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰ চৰকাৰক সজোৰে দাবী জনায়। সংবাদমেলত জিতেন্দ্ৰ সিঙে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেশৰ ভিতৰত কেৱল আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীয়েই নহয়, তেওঁ হৈছে আটাইতকৈ দুৰ্বল মুখ্যমন্ত্ৰী। সেয়ে বেলেগ ৰাজ্যই কেন্দ্ৰৰ পৰা বান সাহায্য লাভ কৰিছে যদিও অসমে সেয়া আদায় কৰাত ব্যৰ্থ হৈছে বুলিও কয় জিতেন্দ্ৰ সিঙে। উল্লেখ্য যে, আজিৰ বৈঠকত আলোচনা হোৱা আন এক গুৰুত্বপূৰ্ণ বিষয় হৈছে বিটিআৰৰ নিৰ্বাচন। বৈঠকত বিটিআৰৰ নিৰ্বাচনক গুৰুত্বসহকাৰে ল’বলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই অনুযায়ী বিটিআৰৰ নিৰ্বাচনত দলে সম্পূৰ্ণ শক্তিসহকাৰে অৱতীৰ্ণ হ’বলৈকো সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰোপৰি অনাগত দিনত কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি দলৰ ভ্ৰষ্টাচাৰ, সীমাহীন দুৰ্নীতি, মুখ্যমন্ত্ৰীৰ পত্নীৰ সীমাহীন দুৰ্নীতি, ছিণ্ডিকেটৰাজ, উপৰ্যুপৰি ঋণ গ্ৰহণ কৰি ৰাজ্যবাসীক ঋণৰ বোজা জাপি দিয়া, কেৱল হিতাধিকাৰী সৃষ্টি কৰা আদিৰ দৰে বিষয়সমূহো আলোচনা কৰা হয়। আজিৰ বৈঠকত কংগ্ৰেছ দল শাসনলৈ আহিলে ৰাজ্যৰ জনসাধাৰণক ৰাজ্যখনত থকা কৃষিজাত সম্পদৰ লগতে মৎস্য উৎপাদন, দুগ্ধ উৎপাদন, কণী উৎপাদন, হাঁহ-কুকুৰা পালন, পৰ্যটন আদিৰ জৰিয়তে কেনেকৈ আত্মনিৰ্ভৰশীল কৰি তুলিব পৰা যায় সেই সম্পৰ্কে বিস্তৃত আলোচনা কৰি অনাগত দিনত কাৰ্যসূচী প্ৰণয়ন কৰিবলৈকো সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধানী চৰকাৰে অবৈধ বাংলাদেশী বিতাড়নৰ নামত কৰা নাটক সম্পৰ্কেও আলোচনা কৰা হয়। ভাৰতীয় নাগৰিকক বাংলাদেশী সজাই ৰাতিৰ ভিতৰতে ধৰি নি সীমান্তৰ ন’ মেনছ লেণ্ডত এৰি থৈ আহি যি অবৰ্ণনীয় অত্যাচাৰ চলালে তাৰ জৰিয়তে মানৱ অধিকাৰক চূড়ান্তভাৱে ভেঙুচালি কৰা হৈছে বুলি উল্লেখ কৰি সভাই তেনে কাৰ্যক ধিক্কাৰ দিয়ে। উল্লেখ্য যে, পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ হস্তক্ষেপত তেওঁলোকক নথি-পত্ৰ পৰীক্ষা কৰি চৰকাৰে পুনৰ ঘূৰাই আনিবলৈ বাধ্য হৈ পৰে। এনেদৰে অবৈধ নাগৰিকৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাতো সংবিধান বিৰোধী, চূড়ান্ত অমানৱীয় কাৰ্যৰ লগতে এয়া ধৰ্মীয় মেৰুকৰণ কৰিবলৈ চলোৱা অপচেষ্টা বুলিও আজিৰ সভাই মতপোষণ কৰে। যিহেতু অবৈধ বাংলাদেশী চিনাক্তকৰণ আৰু বিতাড়ন সন্দৰ্ভত অসম চুক্তিত সম্পূৰ্ণ বিতং আৰু বিস্তৃতভাৱে লিখা আছে সেয়ে কংগ্ৰেছ দলে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ হোৱাতো সদায়েই দাবী জনাই আহিছে। কংগ্ৰেছৰ কাৰ্যকালতো কংগ্ৰেছ চৰকাৰে এই চুক্তি ৰূপায়ণ কৰিছিল আৰু পৰৱৰ্তী কালত বিজেপি চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰাতো দূৰৰে কথা, তেওঁলোকে এনআৰচি আধৰুৱা কৰি ৰাখিলে। এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলে স্পষ্টকৈ মতপোষণ কৰে যে কোনো বিদেশী নাগৰিক অসমত অবৈধভাৱে থাকিব নোৱাৰিব। অসম চুক্তিৰ আধাৰত বিদেশী বিতাড়ন কৰিব লাগিব বুলি স্পষ্ট কৰি দি বিদেশী বিতাড়নৰ নামত ভাৰতীয় নাগৰিকক যাতে হাৰাশাস্তি কৰা নহয় তাৰ বাবে সভাই দাবী জনায়। আজিৰ সভাত প্ৰাক্তন সভাপতি ভূপেন বৰা, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, নিৰ্বাচন পৰিচালনা সমিতিৰ অধ্যক্ষ ৰিপুন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, ৰ’জলীলা তিৰ্কি, প্ৰদীপ সৰকাৰ, প্ৰাক্তন সাংসদ আব্দুল খালেক, প্ৰাক্তন সাংসদ বলীন কুলী, বিধায়ক নন্দিতা দাস, জ্যেষ্ঠ উপ-সভাপতি প্ৰণতি ফুকন, নৃপেন ঠাকুৰীয়া, মীৰা বৰঠাকুৰ, দীপ বায়ন, ৰামান্না বৰুৱা, জুবেৰ আনমকে ধৰি ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সকলো সদস্য উপস্থিত থাকে। সভাত নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সম্পাদক পৃথ্বিৰাজ সাথে, মনোজ চৌহান আৰু বিকাশ উপাধ্যায়ো উপস্থিত থাকে৷