ৰাজীৱ ভৱনত প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম দিৱস পালন

ৰাজীৱ ভৱনত প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম জয়ন্তীত আজি ৰাজীৱ ভৱনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ ১১ বজাত ৰাজীৱ ভৱনত ভাৰত ৰত্ন ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম দিৱস উপলক্ষে প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজেন্দ্ৰ দাসে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰে। পুষ্পাঞ্জলি অৰ্পণ অনুষ্ঠানত জ্যেষ্ঠ কংগ্ৰেছ নেতা হুছিয়াৰ সিং, নগেন্দ্ৰনাথ গোস্বামী, বিপুল চক্ৰৱৰ্তী, প্ৰাঞ্জল বৰগোঁহাইকে ধৰি শতাধিক লোক উপস্থিত থাকে।