ৰাজীৱ ভৱনত পণ্ডিত নেহৰুৰ ৬১ সংখ্যক মৃত্যু তিথি পালন

ৰাজীৱ ভৱনত পণ্ডিত নেহৰুৰ ৬১ সংখ্যক মৃত্যু তিথি পালন

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৰ ৬১ সংখ্যক মৃত্যু তিথি ৰাজীৱ ভৱনত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈ যায়। ২০০ বছৰীয়া ব্ৰিটিছ অপশাসনক অহিংস নীতিৰে মহাত্মা গান্ধীৰ নেতৃত্বত পৰাভূত কৰা অন্যতম নেতা জৱহাৰলাল নেহৰুৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি প্ৰাক্তন সাংসদ ৰিপুণ বৰাই কয় যে আধুনিক ভাৰতৰ খনিকৰ জৱহাৰলাল নেহৰু প্ৰধানমন্ত্ৰী হৈ দেশৰ ঔদ্যোগিকৰণক গুৰুত্ব দিছিল আৰু গুৰু উদ্যোগ, লঘূ উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ জৰিয়তে তেওঁ সমানভাৱে দেশক আগুৱাই নিয়াৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। আজি দেশৰ বিকাশৰ সকলো বুনিয়াদ জৱহাৰলাল নেহৰুৱে গঢ় দিয়া বুলি উল্লেখ কৰি বৰাই কয় যে স্বাধীনতা যুঁজৰ সময়ত ১১ বছৰতকৈ অধিককাল তেওঁ জেলতে কটাবলগীয়া হৈছিল। ভাষণ প্ৰসংগত তেওঁ কয় যে ১৯৬২ চনত চীনে যেতিয়া ভাৰতক আক্ৰমণ কৰি অৰুণাচলৰ ভালকপুং পৰ্যন্ত পাইছিল তেতিয়া তেওঁ নিখিল ভাৰত কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থকা ইন্দিৰা গান্ধীক তেজপুৰলৈ পঠিয়াই দি চীনা আগ্ৰাসনৰ বিৰুদ্ধে মানুহক ভীতিগ্ৰস্ত নহ’বৰ বাবে সচেতন কৰিছিল। ইন্দিৰা গান্ধীয়ে ১১ দিন তেজপুৰত থাকি অসমৰ প্ৰতি থকা প্ৰেম, ভালপোৱা আৰু সাহসৰ প্ৰমাণ দিছিল। কিন্তু একাংশ লোকে চীনা আক্ৰমণৰ সময়ত পণ্ডিত জৱহাৰলাল নেহৰুৱে অসমৰ ৰাইজক বিদায় দিয়া বুলি এক বাৰ্তাৰ অৰ্ধপ্ৰচাৰ কৰি অসত্য আৰু বিভ্ৰান্তি সৃষ্টি কৰি আহিছে। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বৰাই দীঘলীয়া সময় ধৰি পণ্ডিত জৱহাৰলাল নেহৰুৰ জীৱনৰ বিষয়ে আলোকপাত কৰে। প্ৰদেশ কংগ্ৰেছৰ অন্যতম উপ-সভাপতি নৃপেন ঠাকুৰীয়াই প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰি বক্তব্য প্ৰদান কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত প্ৰদেশ কংগ্ৰেছৰ প্ৰায়সকল জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে। ইয়াৰ ভিতৰত উপ-সভাপতি বালিকা লাহন পেগু, ৰূপা দেউৰী, গুণকান্ত গগৈ, মেহদী আলম বৰা অন্যতম। সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, আনোৱাৰ হুছেইন, আনোৱাৰ আহমেদকে ধৰি মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ ভাতৃ সংগঠনসমূহৰ নেতা-কৰ্মীসকল উপস্থিত থাকে। সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাকে ধৰি বিভাগটোৰ আন কেবাজনো সদস্য সভাত উপস্থিত থাকে৷