ৰাজীৱ ভৱনত চ’চিয়েল মিডিয়া আৰু আইটি বিভাগৰ কাৰ্যালয় উদ্বোধন

ৰাজীৱ ভৱনত চ’চিয়েল মিডিয়া আৰু আইটি বিভাগৰ কাৰ্যালয় উদ্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্রেছ চ’চিয়েল মিডিয়া আৰু আইটি বিভাগৰ কাৰ্যালয় উদ্বোধন কৰে প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। প্ৰদেশ কংগ্রেছৰ চ’চিয়েল মিডিয়া আৰু আইটি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই আঁত ধৰা এই উদ্বোধনী অনুষ্ঠানত জ্যেষ্ঠ কংগ্রেছ নেতা দ্বিজেন শৰ্মা, সাধাৰণ সম্পাদক ৰাজেশ কুমাৰ যোশী, ৰামান্না বৰুৱা, আনোৱাৰ আহমেদ, প্ৰদেশ মহিলা কংগ্রেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, সেৱা দলৰ অধ্যক্ষ দীপ বায়নকে ধৰি বহু জ্যেষ্ঠ নেতা উপস্থিত থাকে। ৰাতিপুৱাৰ ভাগত চ’চিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ তৰফৰ পৰা নতুন কাৰ্যালয় কক্ষত পূজা অৰ্চনা কৰি নতুন কাৰ্যালয়ত পদাৰ্পন কৰা হয়।