ৰাজীৱ ভৱনত ইন্দিৰা গান্ধীৰ জন্মদিন উদ্‌যাপন

ৰাজীৱ ভৱনত ইন্দিৰা গান্ধীৰ জন্মদিন উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, লৌহমানৱী প্ৰয়াত ইন্দিৰা গান্ধীৰ জন্মদিন উপলক্ষে দিনৰ ১১.০০ বজাত দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি তৰ্পন, স্মৃতিচাৰণৰ লগতে প্ৰাৰ্থনা সভাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷আৰম্ভণিতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰাক্তন প্ৰধানমন্ত্ৰী লৌহ মানৱী প্ৰয়াত ইন্দিৰা গান্ধীৰ প্ৰতিছব্বিত পুষ্পাঞ্জলি অৰ্পণ কৰে। তাৰ পাছতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা হয় । শেষত প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী ৰ সভাপতিত্বত এক সভা অনুষ্ঠিত হয় । নিৰ্দিষ্ট বক্তা হিচাবে ভূপেন বৰা আৰু কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰয়াত ইন্দিৰা গান্ধীৰ জীৱন, ৰাজনৈতিক দৰ্শন আৰু দেশমাতৃৰ বাবে কৰা বিভিন্ন উন্নয়নমূলক কামৰ ওপৰত বক্তব্য ৰাখে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা চেহনাজ হক বেগমে আঁত ধৰা অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়িনী দলপতি দেৱব্ৰত শইকীয়া,প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী ,প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা,প্ৰাক্তন সাংসদ বলীন কুলি, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে নৃপেন ঠাকুৰীয়া,শৈলেন বৰা,ৰাজু শৰ্মা,বালিকা পেগু,সেৱাদলৰ অধ্যক্ষ দ্বীপ বায়ন, প্ৰাক্তন মেয়ৰ কুশল শৰ্মা,জিলা কংগ্ৰেছৰ বিষয় ববীয়া, জিলা এনএচইউআইৰ সভাপতি জিন্স বৰা আৰু বিষয়য়ববীয়া সকল উপস্থিত থাকে ।