ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ৭৯০ পৃষ্ঠাৰ চার্জশীট দাখিল মেঘালয় আৰক্ষীৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ৭৯০ পৃষ্ঠাৰ চার্জশীট দাখিল মেঘালয় আৰক্ষীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্র দেশ তোলপাৰ কৰা ইন্দোৰৰ ট্রেন্সপ’ৰ্ট ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ৭৯০ পৃষ্ঠাজোৰা চার্জশ্বীট দাখিল কৰিছে মেঘালয় আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী গোট (এছআইটি)-এ। চোহৰাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা চার্জশীটত হত্যাকাণ্ডটোৰ মূল অভিযুক্ত হিচাপে আৰক্ষীয়ে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে সোনম ৰঘুবংশী, ৰাজ কুশৱাহা, বিশাল সিং চৌহান, আশীষ সিং ৰাজপুত আৰু আনন্দ কুৰ্মীৰ নাম উল্লেখ কৰিছে । আটাইকেইজনে ৰাজা ৰঘুবংশীক হত্যা কৰাৰ ক্ষেত্ৰত সোনমক প্রত্যক্ষভাৱে সহায় কৰাৰ কথা চার্জশীটত উল্লেখ কৰা হৈছে। সম্প্রতি ন্যায়িক জিম্মাত থকা এই ৫ অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ (১) ধাৰাৰ অধীনত হত্যা, ২৩৮ (এ) ধাৰাত তথ্য-প্রমাণ লুকুওৱা, ৬১ (২) ধাৰাত অপৰাধমূলক ষড়যন্ত্ৰ ৰচনাৰ অপৰাধ আৰোপ কৰিছে মেঘালয় আৰক্ষীৰ এছআইটিয়ে। তদুপৰি ভাৰতীয় ন্যায় সংহিতাৰ আন কেইবাটাও গোচৰো অভিযুক্তসকলৰ বিৰুদ্ধে আৰোপ কৰা হৈছে। পূব খাচি পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিবেক চিয়েমে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি এই হত্যাকাণ্ডটোত সহযোগিতা কৰা আন তিনিজন অভিযুক্তৰ বিৰুদ্ধে আদালতত দাখিল কৰা হ’ব অতিৰিক্ত চার্জশীট। অৱশ্যে পৰৱৰ্তী ফৰেনছিক প্রতিবেদনৰ ভিত্তিতহে এই অতিৰিক্ত চার্জশীট প্ৰস্তুত কৰা হ’ব। সম্প্রতি জামিনত মুকলি হৈ থকা এই তিনি অভিযুক্ত হ’ল- মাটি-ঘৰ বিক্ৰীৰ ব্যৱসায়ত জড়িত চিলম জেমছ, ইন্দোৰত সোনমৰ বাবে ৰাজ কুছৱাহাই ভাৰাত লোৱা ফ্লেটৰ মালিক লোকেন্দ্ৰ টোমৰ আৰু এপার্টমেন্টটোত নিৰাপত্তাৰক্ষীৰ দায়িত্বত থকা বলবীৰ আহিৰৱাড়া। ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পিছত শ্বিলং-গুৱাহাটী হৈ ইন্দোৰলৈ পলাই গৈ আত্মগোপন কৰাৰ ক্ষেত্রত তিনিওজনে সোনমক সহায় কৰিছিল। লগতে হত্যাকাণ্ডৰ তথ্য-প্ৰমাণ নষ্ট কৰাৰ ক্ষেত্রত সহযোগিতা আগবঢ়োৱাৰো অভিযোগ আছে তিনিওৰে বিৰুদ্ধে। উল্লেখ্য যে ইন্দোৰৰ ট্রেন্সপ’ৰ্ট ব্যৱসায়ী ৰাজা ৰঘুবংশী আৰু সোনমৰ মাজত যোৱা ১১ মে’ত বিবাহ সম্পন্ন হৈছিল। তাৰ পাছত তেওঁলোকে মা কামাখ্যাৰ আশীৰ্বাদ লোৱাৰ কাৰণে গুৱাহাটীলৈ আৰু মধুচন্দ্ৰিকাৰ বাবে মেঘালয়লৈ অহাৰ সিদ্ধান্ত লয়। সেই অনুসৰি যোৱা ২০ মে’ত ইন্দোৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱা নৱদম্পতী ২১ মে’ত মা কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল। ইয়াৰ পিছত দুয়ো চেৰাপুঞ্জী-চোহৰা এলেকাৰ মাৱালাখিয়াট গৈ পাইছিল যোৱা ২২ মে’ত। সেইদিনা নিশাটো তেওঁলোকে কটায় ননগ্রিয়াটস্থিত চিপ্ৰা নামৰ এটা হোমস্টেত। ইয়াৰ পিছদিনা অর্থাৎ ২৩ মে’ৰ পুৱাৰ ভাগত হোমষ্টেৰ পৰা চেকআউট কৰি ভাৰাত লোৱা এখন স্কুটীৰে মাৱালাখিয়াট গাঁৱৰ পাহাৰীয়া অঞ্চলত ট্রেকিঙৰ বাবে যায় নৱদম্পতী। সেইদিনাই অন্তিমবাৰৰ বাবে ফোনযোগে সোনমৰে বাৰ্তালাপ কৰিছিল শাহুৱেকে। তাৰ পাছতে দুয়ো ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে। অৱশ্যে যোৱা ২৪ মে’ত শ্বিলং-চোহৰা পথৰ এখন কেফেৰ কাষত উদ্ধাৰ হৈছিল দুয়োৱে ভাৰাত লোৱা স্কুটীখন। ইতিমধ্যে বিষয়টো সন্দর্ভত পূব খাচিপাহাৰ জিলা আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলায় যদিও সফল হোৱা নাছিল। তাৰ মাজতো যোৱা ২ জুনত মাৱকমা গাঁৱৰ এটা গিৰিখাদত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় ৰাজা ৰঘুবংশীৰ মৃতদেহ। মৃতদেহৰ কাষতে পৰিত্যক্ত অৱস্থাত আছিল এখন দা, এটা ম’বাইল ফোন, এটা স্মার্ট ঘড়ীকে ধৰি কেতবোৰ সামগ্রী। কিন্তু ৰাজা ৰঘুবংশীৰ সোণৰ অলংকাৰ, মানীবেগ আৰু ম’বাইল ফোনটো ঘটনাস্থলীত নাছিল। প্ৰাৰম্ভিকভাৱে এই দিশৰ পৰা এয়া এক ডকাইতি আৰু ডকাইতে ৰাজা ৰঘুবংশীক হত্যা কৰা বুলি সন্দেহ কৰা হৈছিল যদিও আশ্চর্যজনকভাৱে সোনম শুংসূত্ৰবিহীন হৈ পৰাক কেন্দ্ৰ কৰি তীব্ৰ ৰহস্যৰ সৃষ্টি হয়। বিশেষকৈ ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰৰ পাছতে মেঘালয় আৰক্ষী অধিক সক্ৰিয় হৈ পৰে। ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড আৰু সোনম নিৰুদ্দেশ হৈ থকা গোচৰটোৰ তদন্ত কৰিবলৈ এটা এছআইটি গঠন কৰা হয়। এই এছআইটিয়ে ১৬দিনীয়া ৰহস্যৰ যবনিকা পেলাই যোৱা ৮ জুনৰ নিশা উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ অন্তৰ্গত নন্দগঞ্জ থানা এলেকাৰ এখন ধাবাত জালত পেলাবলৈ সক্ষম হয় সোমনক। প্রথম অৱস্থাত আত্মগোপন কৰা সোনমক পিছত এছআইটিয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ সমান্তৰালভাৱে এছআইটিয়ে উত্তৰ প্ৰদেশ আৰু মধ্যপ্রদেশত অভিযান চলাই গ্ৰেপ্তাৰ কৰে সোনমৰ অবৈধ প্ৰেমিক ৰাজ কুছৱাহা, ছুপাৰি কিলাৰ আকাশ ৰাজপুত, আনন্দ কুর্মী আৰু বিশাল সিং চৌহানকো। ৫ অভিযুক্তকে ট্রেনজিট ৰিমাণ্ডত আনি শ্বিলঙত মাৰাথন জেৰাই চলায় এছআইটিয়ে। এই জেৰাকালতে কাৰ্যতঃ ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ৰহস্যৰ ওৰ পৰে। নৱদম্পতীয়ে ইণ্ডোৰৰ পৰা গুৱাহাটী হৈ মেঘালয়লৈ যোৱাৰ সমানে সোনমৰ অবৈধ প্ৰেমিক ৰাজ কুছৱাহাই প্ৰেৰণ কৰা তিনি ছুপাৰি কিলাৰো তেওঁলোকৰ আশে-পাশে অৱস্থান কৰিছিল। ২২ মে’ৰ নিশাটো ৰাজা ৰঘুবংশী-সোনমে কটোৱা ননগ্ৰিয়াটৰ হোমষ্টেটোৰ কাষৰে এখন হোটেলত আছিল তিনি ছুপাৰি কিলাৰ। পূব খাচিপাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিবেক চিয়েমে ইতিপূর্বে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি ২৩ মে’ত চোহৰাৰ উম্বলাইৰ ৰিয়াট আলিয়াং পার্কিং লটৰ ৱেইছ’ডং জলপ্রপাতৰ সমীপতে দাৰে ঘপিয়াই অতি নৃশংসভাৱে ৰাজা ৰঘুবংশীক হত্যা কৰা হৈছিল। সেইদিনা দিনৰ প্ৰায় ২.১৫ বজাত সংঘটিত হৈছিল হত্যাকাণ্ডটো। চোহৰাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত এছআইটিয়ে দাখিল কৰা ৭৯০ পৃষ্ঠাজোৰা চার্জশ্বীটৰ প্ৰতিটো পৃষ্ঠাতে হত্যাকাৰীৰ স্বীকাৰেক্তিৰ ভিত্তিত বহু বিস্ফোৰক তথ্য সন্নিৱিষ্ট কৰা হৈছে।