ৰাজা ৰঘুবংশীৰ ভগ্নী আৰু নিউজ এংকৰ আকাংক্ষা স্বৰূপোৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ

ৰাজা ৰঘুবংশীৰ ভগ্নী আৰু নিউজ এংকৰ আকাংক্ষা স্বৰূপোৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   হত্যাকাণ্ডৰ অভিযোগ নহয়, দেশৰ ৫১খন শক্তিপীঠৰ অন্যতম কামাখ্যা ধামত নৰবলি দিয়া হয় বুলি বিতর্কিত মন্তব্য আগবঢ়োৱা মধ্যপ্ৰদেশৰ ৰাজা ৰঘুবংশীৰ ভগ্নী সৃষ্টি ৰঘুবংশী আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যম চিএনএন নিউজ-১৮ৰ এংকৰ আকাংক্ষা স্বৰূপৰ বিৰুদ্ধে চমন জাৰি কৰিছে গুৱাহাটী আৰক্ষী আয়ুক্তৰ অপৰাধ শাখাই। উল্লেখ্য যে মেঘালয়ত পত্নীৰ ষড়যন্ত্ৰত মৃত্যুক সাবটিবলগীয়া হোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে উক্ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমটোৰ এটা সাক্ষাৎকাৰত শক্তিপীঠ মা কামাখ্যা ধামত নৰবলি হয় বুলি এটা বিতর্কিত মন্তব্য আগবঢ়াইছিল সৃষ্টি ৰঘুবংশীয়ে। উক্ত অনুষ্ঠানটোত এংকৰ ৰূপে আছিল আকাংক্ষা স্বৰূপ। সৃষ্টি ৰঘুবংশীৰ বিতর্কিত মন্তব্যক লৈ বিভিন্ন মহলত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল। যাৰ বাবে গুৱাহাটী অপৰাধ শাখাই নিজাববীয়াকৈ গোচৰটো ৰুজু কৰি যোৱা ২৩ আৰু ২৪ জুনত দুয়োগৰাকীক অপৰাধ শাখাত হাজিৰ হোৱাৰ জাননী জাৰি কৰিছিল। গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সদৰী কৰা মতে, অপৰাধ শাখাই ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ১৯৬ (২), ২৯৯ আৰু ৩০২ ধাৰাৰ অধীনত ৪/২৫ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল। জানিব পৰা মতে, দুয়োগৰাকী অভিযুক্তই বৰ্তমানলৈকে অপৰাধ শাখাত হাজিৰ হোৱা নাই। আৰক্ষী সূত্র এটাই জনোৱা মতে, কামাখ্যা ধাম সন্দৰ্ভত কোনোধৰণৰ তথ্য পৰীক্ষা নকৰাকৈয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমটোত এই বিতর্কিত মন্তব্য প্ৰচাৰ কৰা হৈছিল। যাৰ ফলত কামাখ্যা ধামৰ সৈতে জড়িত অগণন ভক্ত তথা হিন্দু সম্প্রদায়ে মন্তব্যটোৰ দ্বাৰা ধৰ্মীয় অনুভূতিত যথেষ্ট আঘাত পাইছে। উল্লেখ্য যে সৃষ্টি ৰঘুবংশীৰ উক্ত মন্তব্যৰ পাছতে ৰাজ্যজুৰি এই সন্দৰ্ভত বিভিন্নজনে প্রতিবাদ সাব্যস্ত কৰাৰ পাছতে সামাজিক মাধ্যমৰ জৰিয়তে সৃষ্টি ৰঘুবংশীয়ে ইয়াৰ ক্ষমা খুজিছিল। আৰক্ষীয়ে গোচৰটো ৰুজু কৰি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। দুয়োজনকে পুনৰ জেৰালৈ মতা হ’ব বুলি আৰক্ষী সূত্ৰটোৱে সদৰী কৰিছে।