ৰাজহুৱা সম্পত্তি আৰু আমাৰ দায়ৱদ্ধতা
নিবেদিতা হাজৰিকা, লখিমপুৰ
ৰাজহুৱা সম্পত্তি ( Public property) , এনে এক সম্পত্তি যি সম্পত্তি সকলোৰে বাবে উপলব্ধ থাকে।ৰাজহুৱা সম্পত্তি দেশৰ সম্পদ।ব্যক্তিগত তথা ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ কৰাটো এজন সচেতন নাগৰিক হিচাপে সকলোৰে দায়িত্ব আৰু কৰ্তব্য।সম্পত্তি হ’ল সমাজ আৰু দেশৰ মূল্যৱান সম্পদ।কিন্তু বহু মানুহ আছে যি নিজৰ ব্যক্তিগত সম্পত্তি সমূহৰ সুৰক্ষাৰ কথা চিন্তা কৰে কিন্তু সেই একেজন ব্যক্তিয়ে কিন্তু ৰাজহুৱা সম্পত্তি সুৰক্ষাৰ কথা নাভাবে ,চৰকাৰী সম্পত্তি নিজৰ বুলি নাভাবে।’চৰকাৰী সম্পত্তি’ মানে তেওঁলোকৰ মতে নিজৰ সম্পত্তি নহয়, চৰকাৰৰ সম্পত্তি। কিন্তু প্ৰকৃততে চৰকাৰী সম্পত্তি মানেই হৈছে ৰাইজৰ অৰ্থাৎ , আমাৰ সকলোৰে উমৈহতীয়া সম্পত্তি।যি সকলে ৰাজহুৱা সম্পত্তি দেশৰ নিজৰ সম্পদ বুলি নাভাবে তেনে লোকেহে চৰকাৰী সম্পত্তি অপচয়, অপব্যৱহাৰ তথা ক্ষতি কৰাৰ কথা ভাবিব পাৰে বা তেনে মানসিকতা গঢ় লোৱা দেখা যায়।
চৰকাৰী সম্পত্তি – গতিকে ৰক্ষা আৰু সুৰক্ষাৰ দায়িত্ব কেৱল চৰকাৰৰ। ৰাজহুৱা সম্পত্তি যিহেতু সকলোৰে বাবে সেয়ে ইয়াৰ সুৰক্ষা আৰু ৰক্ষাৰ দায়িত্বও সকলোৰে। ৰাজহুৱা সম্পত্তিৰ কোনো ব্যক্তিগত মালিক নাথাকে সেই বাবে সেই সম্পত্তি সমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণ বেছিকৈহে সতৰ্ক হোৱা উচিত।
অন্যৰ সম্পত্তি মানেই যদি ধ্বংসাত্মক , বিনষ্ট কৰাৰ মনোভাৱ তেন্তে তেনে মনোভাৱ বিপদজনক, অশুভ। আমি সকলোৱে পাৰ্যমানে তেনে মানসিকতা ত্যাগ কৰা উচিত। ৰাজহুৱা সম্পত্তিৰ সুৰক্ষা, ৰক্ষণাৱেক্ষণ মানেই আমাৰ সুৰক্ষা। কিয়নো, এই সমূহ আমাৰ বাবেহে।নিজৰ সম্পত্তি অনিষ্ট নহ’বলৈ আমি যিখিনি সুৰক্ষা ব্যৱস্থা কৰো বা কৰা দেখা যায় সেই একে মনোভাৱ ৰাজহুৱা সম্পত্তিৰ ক্ষেত্ৰতো প্ৰদৰ্শন কৰা উচিত। ৰাস্তা-ঘাট, চিকিৎসালয় ,ৰাজহুৱা শৌচাগাৰ আদিৰ ব্যৱস্থা চৰকাৰে ৰাইজৰ বাবেহে কৰি দিছে। সেই কথা আমি বুজা উচিত। বহু শিক্ষিত পথচাৰি দেখা যায় যিয়ে ৰাস্তাৰে গৈ থকা অৱস্থাত তামোলৰ পিক, বটল, খোৱা বস্তুৰ পেকেট আদি ৰাস্তাৰ মাজতে বিনা দ্বিধাই পেলাই দিয়ে। বহুতে ডাষ্টবিন দেখিও সেইটো ব্যৱহাৰ কৰা দেখা নাযায়। তামোলৰ পিক,গুটখা, শিখৰৰ পিকে নামি-দামী বেৰত বিচিত্ৰ ফুল বাছি থোৱা দৃশ্য এক প্ৰকাৰ সুলভ বুলি ক’ব পাৰি।চৰকাৰী চিকিৎসালয় সমূহৰ ক্ষেত্ৰতো এনে দৃশ্য দেখিবলৈ পোৱা যায়। প্ৰসাৱৰ গোন্ধ, নেপকিন আদি য’তে -ত’তে পেলোৱাৰ ফলত ভৰি দিবলৈ ঠাই নোহোৱাৰ দৰে অৱস্থা। পানী অহা টেপ আদিও বহুতে তেনে অৱস্থাতে এৰি থৈ অহা দেখা যায়। কেৱল সেয়ে নহয়, বহু চৰকাৰী কাৰ্যালয়ত লাইট-ফেন আদি অহৰহ জ্বলি থকা,চলি থকা দেখা যায়। ইয়াৰ ফলত চৰকাৰী ধনৰ কিমান যে অপচয় ঘটিছে সেই কথাৰ খৱৰ কিমানে ৰাখিছে?
ৰাজহুৱা সম্পত্তিৰ সঠিক ব্যৱহাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকক উপকৃত কৰে আৰু উন্নয়ণত সহায় কৰে।সেয়ে ৰাজহুৱা সম্পত্তিৰ সুৰক্ষা আৰু ব্যৱহাৰৰ জ্ঞান সকলোৰে থকা উচিত,সেই জ্ঞান লাভ কৰা উচিত। সেই কথা সৰুৰে পৰা সকলোৱে
শিকোৱা উচিত আৰু শিকা উচিত।ঘৰ তথা বিদ্যালয় সমূহত এই বিষয়ত বিশেষ ভাৱে শিকোৱা উচিত। এনে শিক্ষাই শিশু সকলক এক বিশেষ মহৎ সামাজিক শিক্ষা প্ৰদান কৰিব। ৰাজহুৱা সম্পত্তিৰ সৎ ব্যৱহাৰ কৰিবলৈ শিকাটোও শিক্ষাৰ এক অংগ।ৰাস্তা-ঘাট, খেল-পথাৰ,অন্যান্য ৰাজহুৱা স্থান সমূহ পৰিস্কাৰ -পৰিচ্ছন্ন তথা সুন্দৰকৈ ৰাখিবলৈ শিক্ষা প্ৰদান কৰা উচিত।
যেতিয়ালৈকে মানুহৰ মানসিকতা সলনি নহয়, যেতিয়ালৈকে মানুহে ৰাজহুৱা সম্পত্তিক নিজৰ সম্পত্তি হিচাপে জ্ঞান নকৰিব ,তেতিয়ালৈকে আমাৰ দেশত ৰাজহুৱা বা চৰকাৰী সম্পত্তিৰ অপব্যৱহাৰ কৰা মনোভাৱ তেনে দৰেই থাকিব।আমি এই কথা মনত ৰখা উচিত যে, ৰাজহুৱা সম্পদ বা সম্পত্তি আমাৰ সকলোৰে।এই সমূহৰ সংৰক্ষণ আমাৰ নিজৰ দায়িত্ব ,যি আমাৰ সমাজৰ বাবে সুস্থ আৰু সমৃদ্ধ পৰিৱেশ নিশ্চিত কৰে।ৰাজহুৱা সম্পত্তি নষ্ট কৰা লোকৰ প্ৰতি চৰকাৰ কঠোৰ হ’ব লাগে আৰু তেওঁলোকক দৃষ্টান্ত মূলক শাস্তি বিহিব লাগে যাতে সকলোৱে এনে গৰ্হিত কাৰ্য কৰাৰ পৰা বিৰত থাকে বা এনে কাৰ্য কৰিবলৈ ভয় কৰে। চৰকাৰী সম্পত্তি অনিষ্ট কৰা, অসৎ ব্যৱহাৰ বা অপব্যৱহাৰ কৰাটো গৰ্হিত কাৰ্য। এই সমূহ সংৰক্ষণ কৰা, সুব্যৱহাৰ কৰাটোহে আমাৰ কাম্য ।
