ৰাজহুৱা খণ্ডৰ বেংক আৰু বীমা কৰ্মচাৰীৰ বিক্ষোভ কাৰ্যসূচী
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী পানবজাৰস্থিত পাঞ্জাব নেচনেল বেংকৰ সন্মুখ পদ পথত বেংক আৰু বীমা কৰ্মচাৰীয়ে এলানি বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে। ৰাষ্ট্ৰীয় কৃত বেংক বীমা তথা বৃত্তীয় প্ৰতিষ্ঠান সমূহৰ বেচৰকাৰী কৰণ আৰু নিৰ্বিয়োজন বন্ধ কৰা, ৰাজহুৱা খণ্ড ৰক্ষা কৰা, বীমা শিল্পত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নীতি প্ৰত্যাহাৰ কৰা, সকলোকে পুৰণি পেঞ্চন আঁচনিৰ অধীনলৈ লৈ অহা, সামগ্ৰিকভাৱে চৰকাৰৰ কৰ্পৰেট পন্থী আৰু জনবিৰোধী আৰ্থিক নীতি পৰিৱৰ্তনৰ দাবীত তথা কাইলৈ দেশজোৰা ধৰ্মঘটক পূৰ্ণ সমৰ্থন জনোৱাৰ আহ্বানেৰে তেওঁলোকে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত প্ৰতি গৰাকী বক্তাই কাইলৈৰ ধৰ্মঘট সাফল্য মন্দিত কৰাৰ বাবে সকলোকে দলে বলে আহি যোগ দান কৰাৰ বাবে আহ্বান জনায়। এই কাৰ্যসূচীত চি পি এমৰ জ্যেষ্ঠ নেতা সতঞ্জিত দাস, পৰিমল সেন, চিতুৰ ৰাজ্যিক সম্পাদক তপন শৰ্মা, কমৰেড আশীষ পাল, এ পি বি ই এ ৰ সভাপতি গৌৰৱ শৰ্মা, বি ই এফ আইৰ পৰেশ শৰ্মা, জি দি আই ই এৰ পীতাম্বৰ ৰাজ ভাণ্ডাৰি, এন ই আঁৰ জি আই ই এৰ নৰেশ্বৰ দাস, পষ্টেলৰ জয়ন্ত শৰ্মা সহ প্ৰায় ৯০ গৰাকী বেংক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।