ৰাজস্থানৰ বিকানেৰৰ পৰা পাকিস্তানক পুনৰ সকীয়নি প্রধানমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজস্থানৰ বিকানেৰত ২৬ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া আৰু নিৰ্মিত কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰি পাকিস্তানক পুনৰ সকীয়নি দিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। পাক সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় সেনাৰ নিখুঁত আক্রমণ অপাৰেচন সিন্দূৰৰ প্ৰসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ২২ এপ্ৰিলৰ পাক সন্ত্রাসবাদীৰ নৰসংহাৰৰ প্ৰতিশোধ ২২ মিনিটত লোৱা হৈছে। সিন্দূৰ মচাসকলক ধূলিৰ সৈতে মিলাই দিয়া হৈছে। ২২ মিনিটতে ৯টা সন্ত্রাসবাদীৰ ঘাটি মাটিৰে মিলাই দিয়া হৈছে। পাকিস্তানক হুংকাৰ দি প্রধানমন্ত্রী মোদীয়ে কয়- পূর্বে আমি পাকিস্তানত সোমাই আক্ৰমণ কৰিছিলোঁ । এইবাৰ আমি পাকিস্তানৰ বুকুত আঘাত কৰিছোঁ। প্রতিশোধৰ প্ৰতিশ্রুতি আমি পূৰণ কৰিলোঁ। সমগ্ৰ বিশ্বৰ সন্মুখত পাকিস্তানৰ মুখা খুলি দিয়া হ’ল। উল্লেখ্য যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীয়ে ২৫ পর্যটকসহ ২৬ নিৰীহক বৰ্বৰতাৰে হত্যা কৰাৰ প্ৰত্যাঘাত হিচাপে ৭ মে’ত ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্রাসবাদীৰ ঘাটিত মিছাইলেৰে আক্ৰমণ কৰি বিধ্বস্ত কৰে। ভাৰতীয় সেনাৰ এই অপাৰেচন সিন্দূৰৰ প্ৰসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে যিয়ে সিন্দুৰ মচিবলৈ আহিছিল, সিহঁতক মাটিৰ সৈতে মিলাই দিয়া হৈছে। যিয়ে হিন্দুস্থানৰ ৰক্ত বোৱাই তাৰ পাই পাই হিচাপ কৰা হৈছে। যিয়ে ভাৰতে মনে মনে থাকিব বুলি ভাবিছে সেইসকল এতিয়া ঘৰত লুকাই আছে। যিয়ে নিজৰ অস্ত্ৰক লৈ গৌৰৱ কৰে, সেই অস্ত্ৰবোৰ এতিয়া আৱৰ্জনাত পৰিণত হৈছে। পাকিস্তানৰ সীমান্তৱৰ্তী ৰাজস্থানৰ বিকানেৰত প্রধানমন্ত্রী মোদীয়ে চুৰ-চাদুলপুৰ ৰে’লপথকে ধৰি কেইবাটাও ৰে’লপথ দেশবাসীক উৎসৰ্গা কৰাৰ লগতে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ পাছত বিশাল সমাৱেশ সম্বোধন কৰি ভাৰতীয় সেনাৰ সাহস-বীৰত্বক ভূয়সী প্রশংসা কৰি পাকিস্তানক সকীয়নি দিয়ে। প্রধানমন্ত্রী মোদীয়ে কয় যে সন্ত্রাসবাদৰ বিৰুদ্ধে অভিযান চলাবলৈ দেশৰ তিনি সশস্ত্র সেনাক ফ্রীহেণ্ড দিয়া হৈছে। এই তিনি সশস্ত্র সেনাই পাকিস্তানৰ বিৰুদ্ধে এনে চক্ৰবেহু ৰচনা কৰে, যাৰ ফলত পাকিস্তান আঁঠুকাঢ়িবলৈ বাধ্য হৈছে।আমাৰ দেশৰ সকলোৱে সংকল্প লৈছিল যে সন্ত্ৰাসবাদক মাটিৰ সৈতে মিলাই দিব। আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশবাসীৰ একত্ৰিত এই যুজত আমি জয়ী হলো। মই দেশবাসীক অভিনন্দন জনাব বিচাৰিছো।