ৰাজস্থানৰ বালাজী মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

ৰাজস্থানৰ বালাজী মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা– বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছতেই ৰাজস্থানৰ বালাজী মহাৰাজ মন্দিৰলৈ গৈ সেৱা লয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ৰাজস্থানত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে মন্দিৰ দৰ্শনৰ পাছত কয়, ‘বালাজী মহাৰাজ আৰু বাবা খাটু শ্যামৰ শ্ৰীচৰণত শতকোটি প্রার্থনা জনালোঁ। সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে উপচি পৰক, বাবাৰ আশীর্বাদ সদায় আমাৰ ওপৰত থাকক তাৰেই কামনা কৰিলোঁ। আনহাতে  মুখ্যমন্ত্রী ড° শর্মাই শেহতীয়া নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত বক্তব্য প্রকাশ কৰি কয়- মোৰ ধাৰণা, অসমত বিজেপি আৰু মিত্রজোঁটে বহুত ভাল ফলাফলেৰে জয়ী হ’বলৈ সক্ষম হ’ব। নির্বাচন অনুষ্ঠিত হোৱা ১২৬খন আসনৰ ৯০-১০০খন আসন এনডিএই দখল কৰিব। নির্বাচন এইবাৰ বিজেপিৰ সপক্ষে বুলি মন্তব্য কৰি তেওঁ কয়- অসমত তৃতীয়বাৰৰ বাবে এনডিএই চৰকাৰ গঠন কৰাটো নিশ্চিত। ইফালে পশ্চিমবংগত বিজেপিয়ে এইবাৰ সফলতা লাভ কৰিব নে নাই বুলি উত্থাপিত প্রশ্ন সন্দর্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়- পশ্চিমবংগত আমাৰ দলে প্রত্যাহ্বান অব্যাহত ৰাখিছে। সকলোৰে আশা- এইবাৰ ৰাজ্যখনত বিজেপিয়ে জয়লাভ কৰিব। অহা ১৫ এপ্ৰিলৰ পৰা ৰাজ্যখনত মই নির্বাচনী প্রচাৰ চলাম। কিন্তু ইয়াৰ পূৰ্বে যি খবৰ আহিছে সেয়া বিজেপিৰ সপক্ষে আছে। ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মুখ্যমন্ত্রী ড° শর্মা ভ্রষ্টাচাৰী বুলি তোলা অভিযোগৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে পুনৰ ৰাহুল গান্ধীক পাগল বুলি আখ্যা দিয়ে। আনহাতে ভুৱা তথ্যৰে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে অভিযোগ অনা পৱন খেড়াকো পাগল বুলি আখ্যা দি মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁলোকৰ মগজুত একো নাই। ফটোষ্টেটৰ নথিৰে আবোল-তাবোল কথা কোৱা তেওঁলোকে ৰাজনীতিৰ যি মৰ্যাদা ৰাখিব লাগে, সেয়াও ৰখা নাই। তেওঁলোকে যি ফটোশ্বপ কৰি তথ্য দাঙি ধৰিছে সেইধৰণে সৰু ল’ৰা এটায়ো নকৰে। ইফালে ৰাজ্যত সদ্যসমাপ্ত নিৰ্বাচনত সকলো হিন্দু সনাতনীয়ে বিজেপিৰ পক্ষত ভোট দিয়া বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ দৰে ৰাজ্যত পুনৰ এনডিএৰ চৰকাৰ হ’ব বুলি দাবী কৰিলে অতুল বৰায়ো। কাজিৰঙাত আজি সংবাদ মাধ্যমৰ আগত অগপ সভাপতিজনে দাবী কৰে যে পূর্বতকৈ এনডিএ মিত্রজোটে অধিক আসন লাভ কৰিব। তেওঁ কয়- আমি বহুত আশাৰে নিৰ্বাচনৰ দিনটোলৈ বাট চাই আছিলোঁ। নিৰ্বাচনৰ যি পৰিৱেশ তাৰ পৰা পূর্বানুমান কৰিব পাৰিছোঁ যে এই ফলাফল এনডিএৰ সপক্ষে যাব। অসমৰ ভোটাৰ ৰাইজে ব্যাপক হাৰত এনডিএৰ সপক্ষে ভোটদান কৰিছে আৰু পূৰ্বতকৈ অধিক আসনেৰে পুনৰ বিজেপি আৰু মিত্রদল শাসনলৈ আহিব। ৰাজ্যখনত যোৱা বছৰকেইটাত হোৱা উন্নয়ন আৰু বিকাশৰ বাবে এইবাৰ ভোটদানৰ হাৰ বৃদ্ধি হোৱা বুলি অতুল বৰাই কয়। কংগ্ৰেছৰ দিনত বিকাশৰ বিটোও হোৱা নাছিল। কেৱল সেই সময়ত চৰকাৰখনৰ দুর্নীতি-ভ্ৰষ্টাচাৰ-অনিয়মৰ কথাহে সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। বিদেশীৰ প্ৰতি দুৰ্বলতা, বিদেশীৰে ভোটবেংক মজবুত কৰা সেয়া আছিল কংগ্ৰেছৰ কাৰ্যকালৰ মূল কাম। কিন্তু এতিয়া সেই পৰিৱেশ নাই। যোৱা দিনবিলাকত ৰাজ্যবাসীৰ ধ্যান-ধাৰণা সলনি হৈছে। কাজিৰঙাত চোৰাং চিকাৰীৰ হাতত দৈনন্দিন গঁড় হত্যা হৈছিল। কিন্তু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে ৰাজ্যখনত বিভিন্ন আঁচনিৰে অৰ্থনৈতিক পৰিকাঠামো শক্তিশালী কৰাৰ লগতে আন্তঃগাঁথনিৰ ব্যাপক উন্নয়ন সাধন কৰিলে। যাৰ ফলত সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হৈছে।