ৰাজস্থানত ৯৮১ জিলেটিন ষ্টিক উদ্ধাৰ

Pc TheTatva

ৰাজস্থানত ৯৮১ জিলেটিন ষ্টিক উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজস্থানত উদ্ধাৰ হৈছে বিপুল পৰিমাণৰ বিস্ফোৰক। ৰাজস্থান আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰে কার্টনে কার্টনে বিস্ফোৰক সামগ্রী। ট্রাকখনত বোজাই কৰি লৈ যোৱা হৈছিল এই বিস্ফোৰক সামগ্ৰীসমূহ। আৰক্ষীয়ে বিস্ফোৰক সামগ্ৰীসমূহ উদ্ধাৰ কৰি ট্ৰাকখনত থকা দুজন লোকক গ্ৰেপ্তাৰ কৰে। এই ঘটনাটোত আৰক্ষীয়ে উদ্ধাৰ কৰে মুঠ ১০৯ কার্টন বিস্ফোৰক সামগ্ৰী। তাৰ ভিতৰত আছে ৯৮১টা জিলেটিন ষ্টিক, ৯৩টা ডিটনেটৰ আৰু এটা ছেফটি ফিউজ। আৰক্ষী সূত্ৰই দাবী কৰা মতে এই যি পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰা হৈছে তাৰ দ্বাৰা বিস্ফোৰণস্থলীৰ চাৰিও পাশৰ ১০ কিলোমিটাৰ পৰ্যন্ত এলেকাৰ ক্ষতি কৰিব পাৰে। আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি ৰাজস্থানৰ মেৱাৰ জিলাৰ ৰাজসমন্দেত খাপ পিটি আছিল। চহৰখনৰ মাজেৰে ট্ৰাকখন পাৰ হৈ যাব বুলি খবৰ পাই আৰক্ষীয়ে ৰাস্তাৰ ওপৰত বেৰিকেড নিৰ্মাণ কৰি তালাচী অভিযান আৰম্ভ কৰে। এই অভিযানতে বিস্ফোৰক সামগ্ৰীসমূহ উদ্ধাৰ কৰা হয় আৰু ট্রাকখনৰ পৰা ভগৱৎ সিং আৰু হিম্মৎ সিং নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। পুলিচ সূত্ৰই প্ৰকাশ কৰা মতে লোক দুজন ৰাজস্থানৰ বাসিন্দা। কি কাৰণে ইমান বিশাল পৰিমাণৰ বিস্ফোৰক সামগ্ৰী লৈ যোৱা হৈছিল, ক’লে নিয়া হৈছিল তাৰ সন্তোষজনক উত্তৰ দিব পৰা নাই ধৃত ব্যক্তি দুগৰাকীয়ে।