ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ অভিযানত মুখ্যমন্ত্রী ড° শৰ্মাই কংগ্ৰেছ দল আৰু ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে হিন্দু আৰু ভাৰত জাগ্ৰত হ’লে আতংকবাদীসকল ভয়ত থাকে। আতংকবাদীয়ে দেশৰ সংসদ ভৱন আক্রমণ কৰাৰ পাছত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে পাকিস্তানক সতর্কবাণী শুনাই আগলৈ তেনে কৰিলে কঠোৰ ব্যবস্থা লোৱাৰ হুংকাৰ দিছিল। কিন্তু পাকিস্তানৰ পৰা আতংকবাদী আহি আছে। ২০১৪ চনত দেশত মোদী চৰকাৰ হয়। কিন্তু পাকিস্তানে কংগ্ৰেছৰ চৰকাৰ থকা বুলি ভাবিছিল আৰু পূৰ্বৰ দৰে আতংকবাদী আহি আছিল। ২০১৯ চনত মোদীয়ে যেতিয়া পাকিস্তানক, ধামাকা দিলে, তাৰ পিছত ২০১৯ৰ পৰা ২০২৩ চনলৈ ভাৰতলৈ আতংকবাদী অহা নাই। ভাৰতত বোমা বিস্ফোৰণ কৰিবলৈ সাহস কৰা নাই। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত কংগ্ৰেছে হুলস্থূল হ’ব বুলি কৈছিল। কিন্তু কিবা হ’ল জানো? এটাই হৈছে কাশ্মীৰত শাস্তি আহিছে। বিজেপিৰ আমোলত আতংকবাদীসকল নীৰৱে থাকিবলৈ বাধ্য হৈছে। নির্বাচনী সভাত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে কংগ্রেছক এটা ভোট দিয়া মানে বাবৰ ঔৰংগজেবক ভিটামিন দিয়া। সেয়ে ৰাজস্থানৰ জনসাধাৰণক কোনো পৰিস্থিতিতে কংগ্ৰেছক ভোট নিদিবলৈ মুখ্যমন্ত্রীগৰাকীয়ে আহ্বান জনায়। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ক্ষুৰধাৰ সমালোচনা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে যিজন ৰাহুল গান্ধী নিজৰেই গেৰাণ্টী নাই, তেওঁ আনৰ গেৰাণ্টী কেনেকৈ ল’ব? পূৰ্বৰ নিৰ্বাচনতো ৰাহুল গান্ধীয়ে ৰাজস্থানলৈ আহি বহু গেৰাণ্টী দিছিল। সেই গেৰাণ্টীৰ এটাও মুখ্যমন্ত্ৰী অশোক গেহলটে পূৰণ কৰিব নোৱাৰিলে। এতিয়া পুনৰ তেওঁ নতুন গেৰাণ্টী দিছে। গেৰাণ্টীৰ ক্ষেত্ৰত মানুহে ভালদৰে বুজে- পূৰ্বতে তেওঁলোকৰ কিবা খেলিমেলি আছিল বাবেই এতিয়া গেৰাণ্টী দিছে। আসন্ন নির্বাচনত বিজেপিক ভোট দিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অহা ১০ বছৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ক্ষমতাত থাকিলে ভাৰতে চীন-আমেৰিকাতকৈও ওপৰত থাকিব। অহা ১০ বছৰত ভাৰত বিশ্বশুক হৈ যাব। গান্ধী পৰিয়ালকো তীব্র সমালোচনা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে দেশৰ এক নম্বৰ গাড্ডাৰ হৈছে গান্ধী পৰিয়াল। গান্ধী পৰিয়ালক গাড্ডাৰ কৰিলে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰেও আশীৰ্বাদ দিব।  বিজেপিয়ে খোলাখুলিভাবে হিন্দুৰ ৰাজনীতি কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে দেশত হিন্দুৰ তাৎপৰ্য হৈছে— সবকা সাথ, সবকা বিকাশ, সব ধর্ম, সমভাব, হিন্দু ভাৰতী। এনেক্ষেত্ৰত হিন্দুৰ ৰাজনীতি কৰাত সমস্যা কি?