ৰাজস্থানত দাউদাউকৈ জ্বলিল যাত্ৰীবাহী বাছ

Pc Jagran

ৰাজস্থানত দাউদাউকৈ জ্বলিল যাত্ৰীবাহী বাছ

ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে বিয়লি ৰাজস্থানৰ জয়ছলমেৰ জিলাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। জয়ছলমেৰৰ পৰা যোধপুৰলৈ যোৱা এখন বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ২০জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে তিনিটি শিশু আৰু চাৰিগৰাকী মহিলাকে ধৰি কেইবাজনো যাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ৷ খবৰ অনুসৰি জয়ছলমেৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত থাইয়াত গাঁৱৰ সমীপত বিয়লি সংঘটিত হোৱা এই ঘটনাই ব্যস্ত পথত বিশৃংখল আৰু আতংকৰ সৃষ্টি কৰে ৷ প্ৰত্যক্ষদৰ্শীৰ মতে, ৫৭ জন যাত্ৰী লৈ বাছখন জয়ছলমেৰৰ পৰা ওলাই আহিছিল ৷ থাইয়াত গাঁও পাৰ হোৱাৰ কিছু সময়ৰ পাছতে যাত্ৰীসকলে গাড়ীখনৰ পিছফালৰ অংশৰ পৰা ধোঁৱা ওলোৱা লক্ষ্য কৰিলে আৰু ক্ষন্তেকতে জুইৰ শিখা বিয়পি সমগ্ৰ বাছখনক আগুৰি ধৰে ৷ ইফালে তৎকালীনভাবে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তিনিখন এম্বুলেন্সত আহতসকলক জয়ছলমেৰৰ জৱাহৰ চিকিৎসালয়লৈ লৈ যায় ৷ চিকিৎসালয়খনৰ চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে গুৰুতৰভাৱে অগ্নিদগ্ধ লোকসকলক উন্নত চিকিৎসাৰ বাবে যোধপুৰলৈ প্ৰেৰণ কৰা হয় ৷ এই ঘটনাত অগ্নিদগ্ধ হৈ ২০ জন যাত্ৰীৰ মৃত্যু হয় ৷ গুৰুতৰভাৱে আহত ৭৯ বছৰীয়া হুছেইন খানৰ যোধপুৰত মৃত্যু হোৱাৰ বিপৰীতে বাকী ১৯ যাত্ৰীক জয়ছলমেৰত মৃত ঘোষণা কৰা হয় ৷ মঙলবাৰে গভীৰ নিশা জয়ছলমেৰত উপস্থিত হয় ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা ৷