ৰাজনৈতিক সমীকৰণত হিজাব বিতৰ্কৰ প্ৰকৃত স্বৰূপ
নাৰী মাতৃ জাতি।নাৰী অবিহনে পৃথিবীত বংশগত পৰিক্ৰমা অচল হৈ পৰিব।কিন্তু ৰামায়ন , মহাভাৰতৰ যুগৰ পৰা নাৰী সময় সাপেক্ষে সন্মানিত আৰু অপমানিত হৈ আহিছে। উদাহৰণ স্বৰূপে ভাৰতীয় সভ্যতা , সংস্কৃতিত সততে জৰিত দুখনি মহাকাব্য ৰামায়ণ, মহাভাৰতৰ মূল নাৰী চৰিত্ৰ সীতা আৰু দ্ৰুপদীৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হোৱা দেখা যায়। ৰাবণে অপহৰণ কৰা আৰু ৰামচন্দ্ৰই উদ্ধাৰ কৰি অনাৰ পিছত জনক জীয়ৰী সীতা অগ্নি পৰীক্ষাৰ সমূখীন হৈছিল।ইফালে পঞ্চ পাণ্ডবৰ ঘোৰ শত্ৰু কৌৰৱ পক্ষই সম্পৰ্কত ভাইবোৱাৰী হোৱাৰ পিছতো ৰাজসভালৈ আনি দ্ৰুপদীৰ বস্ত্ৰ হৰণৰ অপচেষ্টা কৰিছিল।
নাৰীক ভাৰতীয় সংস্কৃতিত অপৰাজেয় শক্তিৰ অধিকাৰী বুলি পুৰ্বৰ পৰা বিভিন্ন দেৱীৰ স্বৰূপত পুজা পাতল কৰি অহাৰ সনাতন ধৰ্মীয় দৃষ্টান্ত আছে। উদাহৰণ স্বৰূপে দূৰ্গা পুজা , কালী পুজা ইত্যাদি অন্যতম।
সময়ৰ আহ্বান স্বৰূপে ভাৰতবৰ্ষলৈ বিভিন্ন ধৰ্মৰ লোকৰ প্ৰব্ৰজন ঘটিছিল। এই লোক সকলৰ যদিওবা নিজা ধৰ্ম আছিল কিন্তু বিভিন্ন জাতিৰ অন্তৰ্ভুক্ত আছিল। এই লোকসকলে কেৱল নিজৰ ধৰ্মীয় সংস্কৃতিয়েই নহয় লগত নিজৰ জাতীয় সংস্কৃতিও কঢ়িয়াই আনিছিল ।পূৰ্বাপৰ পৰা চলি অহা স্থানীয় সংস্কৃতিৰ লগত নতুনকৈ আগমন ঘটা সংস্কৃতিৰ মিলন ঘটি ভাৰতীয় সংস্কৃতিক অনন্য মাত্ৰা প্ৰদান কৰাত এনে বিভিন্ন ধৰ্মৰ লোক সকলৰ অবদান আছিল উল্লেখনীয়। সেই কাৰণেই বোধকৰো ভাৰতবৰ্ষ বিভিন্ন ধৰ্ম , বিভিন্ন সম্প্ৰদায় , বিভিন্ন জাতি-জনজাতি আৰু বিভিন্ন সংস্কৃতিৰ লোকৰ বিচিত্ৰ সমন্বয় স্থলী হিচাপে সমগ্ৰ বিশ্বত সমাদৃত।
ভাৰতবৰ্ষৰ সভ্যতা , সংস্কৃতি পাছ হেজাৰ বছৰ পুৰনি বুলি উল্লেখ আছে। এই হেজাৰ হেজাৰ বছৰ পুৰনি সভ্যতা , সংস্কৃতিৰ যুগত কোনো ধৰ্মৰ মাজতেই ধৰ্মীয় কাৰণত সংঘৰ্ষৰ নজিৰ দেখা পোৱা নাযায়। অৱশ্যে এই ক্ষেত্ৰত কিছুমান সাম্প্ৰদায়িক সংঘৰ্ষ আৰু ধৰ্মৰ নামত হোৱা হত্যা লীলাৰ কথা কোনোবাই উনুকিয়াব পাৰে। যদিহে উচিত মূল্যবোধৰ প্ৰয়োগেৰে তেনে ঘৃননীয় আৰু নিন্দনীয় ঘটনা প্ৰবাহৰ অধ্যয়ন কৰা হয় তেনেহ’লে সেই ঘটনা সংঘটিত হোৱাৰ আঁৰত ৰাজনৈতিক কুমন্ত্ৰণাক হে প্ৰধান উৎস হিচাপে পৰিলক্ষিত হয়।
বিগত ইং ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষ ইংৰাজ সকলৰ পৰা স্বাধীন হোৱাৰ পূৰ্বে প্ৰায় দুশ বছৰ পৰাধীনতাৰ সোৱাদ গ্ৰহণ কৰিব লগা হৈছিল ভাৰতীয় জনতাই। বেলি ডুব নোযোৱা বৃটিশ সাম্ৰাজ্যৰ পৰা স্বাধীন হ’বলৈ ভাৰতীয় জনতাই কৰা সংগ্ৰাম আছিল ঐক্যবদ্ধ আৰু সুশৃংখলিত অনিৰূদ্ধ সংগ্ৰাম। প্ৰধানকৈ মহামানব মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা এই স্বাধীনতা সংগ্ৰামত ভাৰতবৰ্ষত বসতি কৰা হিন্দু , মুছলমান , খ্ৰীষ্টান , জৈন আৰু বৌদ্ধ আদি সকলোৱে দেশৰ কাৰণে জীৱন উচৰ্গা কৰিছিল। দেশৰ সকলো ধৰণৰ কৰ্মত জৰিত সকলেও এই সংগ্ৰামক আগবঢ়াই নিবলৈ লগতে তীব্ৰৰ পৰা তীব্ৰতম কৰিবলৈ যত্নৰ ত্ৰুটি কৰা নাছিল। এনেকৈয়ে শান্তি , সম্প্ৰীতি আৰু ঐক্যবদ্ধ সংগ্ৰামৰ অন্তত ভাৰতবৰ্ষ স্বাধীন হৈছিল।
স্বাধীনতা লাভৰ পৰৱৰ্তী কালৰ বেছি ভাগ সময় শাসন কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে। পণ্ডিত জৱাহৰলাল নেহেৰুৰ পৰা আৰম্ভ কৰি ডঃ মনমোহন সিং লৈ । প্ৰায় সাত দশক ধৰি কৰা এই শাসন কালত ভাৰতবৰ্ষই বিভিন্ন ক্ষেত্ৰত অভূতপুৰ্ব সফলতা লাভ কৰিছিল।পিছে মন কৰিবলগীয়া বিষয়টি হৈছে এখন দেশৰ উন্নয়ণ এটি নিৰ্দিষ্ট সময়ত শেষ হ’ব বুলি কোনো নিৰ্দিষ্ট দিশ থাকিব নোৱাৰে। উন্নয়ণমূলক দিশৰ লগত জৰিত হৈ থাকে বিশ্বায়নৰ প্ৰতি থকা দেশবাসীৰ প্ৰবল আসক্তি।পৃথিবীৰ বিভিন্ন দেশ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাকলৈ শাসকীয় চৰকাৰী পক্ষ আৰু তেখেত সকলৰ ৰাজনৈতিক পৰিক্ৰমাক দেশৰ জনতাৰ অন্তৰত প্ৰভাবিত কৰি ৰাখিবলৈ লোৱা ৰাজনৈতিক নীতি নিৰ্দেশনাই সময় সাপেক্ষে অন্য দিশলৈ গতি কৰা দৃষ্টিগোচৰ হয়। এই ক্ষেত্ৰত শেহতীয়া ভাবে কৰ্নাটকৰ এখন মহাবিদ্যালয়ত এগৰাকী ছাত্ৰীয়ে হিজাব পিন্ধি যোৱাকলৈ হোৱা বিতৰ্ক অন্যতম হিচাপে বিবেচিত হৈছে। অৱশ্যে এই ক্ষেত্ৰত বহুতে সুবিধা লোৱাৰ প্ৰতিচ্ছবি দেখা পোৱা গৈছে। ভাৰতবৰ্ষক সাম্প্ৰতিক সময়ত কিছু সংখ্যক ৰাজ্যত অনুষ্ঠিত হ’বলগা বিধান সভাৰ নিৰ্বাচন আৰু কিছু সংখ্যক সংসদীয় সমষ্টিৰ উপনিৰ্বাচনৰ গৰম বতাহে উষ্ণ কৰি ৰাখিছে। এনে ধৰণৰ মুহূৰ্তত শাসকীয় চৰকাৰৰ দল বা অন্য ৰাজনৈতিক দল সমূহক সাধাৰন জনতাক কিছুমান তৰল আৰু অপ্ৰয়োজনীয় বিষয়ত ব্যস্ত ৰাখি আবেগ সৰ্বস্বতাৰে অনুষ্ঠিত হ’বলগা নিৰ্বাচনত জনতাৰ সমৰ্থন আদায় কৰিবলৈ সক্ষমতা আহৰন কৰাৰ পন্থা লাগে , এয়াই হিজাব বিতৰ্কৰ মূল উদ্দেশ্য। এই বিতৰ্কই যিদৰে হিন্দু ধৰ্মৰ ভোটাৰ সকলক একগোট কৰাৰ সম্ভাৱনা আছে , ঠিক তেনেকৈ হিজাব বা তেনে ধৰণৰ পোছাক পিন্ধা মুছলমান , খ্ৰীষ্টান আদি ধৰ্মৰ লোকখিনিক লৈ বেৰিষ্টাৰ আছাদুদ্দিন ওৱেছীৰ দৰে ধৰ্মক লৈ ৰাজনীতি কৰা সকলেও দলীয় ৰাজনৈতিক সাংগঠনিক দিশৰ সৱলীকৰণ আৰু ধৰ্মীয় আবেগেৰে নিজৰ ধৰ্মৰ লোক খিনিক একগোট কৰিবলৈ সপোন দেখিছে। কিন্তু বিগত বিধান সভাৰ নিৰ্বাচনবোৰত দেখা পোৱা অভিজ্ঞতাৰে ক’ব পাৰি যে এনে ধৰণৰ বিতৰ্কৰ পিছতো কিছু অন্য ধৰণৰ প্ৰতিচ্ছবিহে মনলৈ আহে। অসমত যিদৰে মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ডি ইউ এফৰ ৰণ কৌশলত পৰি ভাৰতীয় জাতীয় কংগ্ৰেছ পৰাজিত হোৱাৰ ফলত ভাৰতীয় জনতা পাৰ্টীয়ে দ্বিতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰিলে ঠিক তেনেদৰে উত্তৰ প্ৰদেশ , বিহাৰ আদিত বেৰিষ্টাৰ আছাদুদ্দিন ওৱেচী নেতৃত্বাধীন ৰাজনৈতিক দলৰ নিৰ্বাচনী ৰণ কৌশলৰ বাবে কংগ্ৰেছ দলে চৰকাৰ গঠনৰ পৰা আতৰি যাব লগা হৈছিল। অনাগত উত্তৰ প্ৰদেশ বিধান সভাৰ নিৰ্বাচনত ওৱেছী চাহেবে ঘোষনা কৰাৰ দৰে যদি তেখেতৰ দলে এশ টা বিধান সভাৰ আসনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামে তেনেহ’লে ন দি ক’ব পাৰি যে উত্তৰ প্ৰদেশত পুনৰ যোগী আদিত্যনাথে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব। এই ধৰনে পৰ্যবেক্ষন কৰিলে দেখা যায় লোকচক্ষুৰ সমুখত সাপ নেউলৰ দৰে সম্পৰ্ক দেখুৱাবলৈ যোৱা এই ৰাজনৈতিক দলৰ নেতৃবৃন্দৰ ভিতৰি নিশ্চয় এৰাব নোৱাৰা প্ৰীতিৰ সম্পৰ্ক থাকিবই লাগিব। নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে ৰাজনৈতিক আৰু ভোটৰ যুদ্ধত কৰিব নোৱাৰা কোনো কামেই অসম্ভৱ নহয়।
প্ৰাসংগিক হিচাপে উল্লেখ কৰিব পাৰি যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বত ভাৰতবৰ্ষই ব্ৰিটিশৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিছিল যদিও সাম্প্ৰতিক সময়ত কংগ্ৰেছ দল ” সেই ৰামো নই , অযোধ্যাও নাই ” লেখীয়া হৈছেগৈ। দলীয় অন্তঃকন্দল , পৰিয়াল কেন্দ্ৰীক ৰাজনীতি , দূৰ্নীতি পৰায়নতা আদি বহুতো নেতিবাচক দিশৰ চাকনৈয়াত পৰি কংগ্ৰেছ সম্প্ৰতি থিয় দঙা দিব নোৱাৰা হাতীৰ দৰে হৈছে। কিন্তু সেই বুলি সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষত উদয় হোৱা মূল্য বৃদ্ধি , নিবনুৱা সমস্যা , বিদেশলৈ পলায়ন কৰা হাজাৰ কৌটি টকীয়া ভাৰতীয় ঋণী সকল , দেশৰ বিমান বন্দৰ , ৰেল বিভাগ , দেশৰ হাজাৰ হজাৰ কৃষকৰ আত্মহত্যা , ধৰ্মীয় আবেগত কৰা ম’ব লিঞ্চিং , দেশৰ সীমাত থকা দেশ বিশেষকৈ চীনে ভাৰতৰ ভুমি অবৈধ ভাবে কৰা দখল আৰু কাশ্মীৰ সমস্যাক লৈ স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু আৰু কংগ্ৰেছৰ বিগত ৭০ বছৰীয়া শাসন কালক বি জে পিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ লগতে বি জে পিৰ বিধায়ক , সাংসদ তথা নেতা কৰ্মী সকলে দোষ দি থাকিলে দেশখনৰ উন্নতি হোৱা নুবুজায়। তেখেত সকলে কৰি যোৱা ভুল খিনিৰ পৰা বৰ্তমানৰ চৰকাৰ খনে শিক্ষা লৈ নতুন নতুন কাৰ্যপন্থা গ্ৰহন কৰি উন্নতিৰ ইতিবাচক দিশত দেশখনক গতি কৰাব লাগে।জনবহুল সভাবোৰত দেশখনৰ উন্নতিৰ বাবে গ্ৰহন কৰা কাৰ্যপন্থা সম্পৰ্কে দেশৰ জনতাক বিস্তাৰিত ভাবে অবগত কৰিব লাগে। দেশৰ জনতাই ৰাজনৈতিক দলবোৰৰ মাজত হোৱা শীতল যুদ্ধৰ গোৱালগালি শুনিবলৈ মন্ত্ৰী , সাংসদ আৰু বিধায়ক সকলৰ সভালৈ নিশ্চয় নাযায়।
প্ৰতীয়মান হোৱা কথাবোৰ হৈছে বাহিৰত হিন্দু মুছলমানৰ ৰং সানি দেশখনি বিভিন্ন ৰঙেৰে ৰঙীন কৰিবলৈ গ’লেও সকলোৱে মনত ৰাখিবলগীয়া বিষয়টি হৈছে ভাৰতীয় সংস্কৃতি হৈছে সমন্বয়ৰ সংস্কৃতি , মূলধন হৈছে সংস্কৃতিগত দিশত বৈচিত্ৰতাৰ মাজত থকা পৰাস্পৰিক ঐক্যবোধ। হিন্দু , মুছলমান আৰু খ্ৰীষ্টান আদি যি ধৰ্মৰেই নহওক নাৰী সদায় সন্মানীয় আৰু মাতৃত্ববোধৰ কাৰণে চিৰ আদৰনীয় লগতে শ্ৰদ্ধাৰ পাত্ৰ। নাৰী জাতিক অপমান কৰা মানে নিজৰ মাতৃক অপমান কৰা। ৰাজনৈতিক পাশাখেলৰ পাকচক্ৰত পৰি যাতে সাধাৰন নাগৰিক এনে ধৰণৰ অপকৰ্মত লিপ্ত নহয় সেয়া তদাৰক কৰা শাসকীয় দলৰ কৰ্তব্য আৰু দায়িত্ব। ধৰ্মৰ কান্ধত ওলমি ৰাজনীতি কৰোতা সকলেই প্ৰকৃততে দেশৰ উন্নয়নৰ প্ৰতিন্ধক স্বৰূপ।
ফখৰুদ্দিন আহমেদ
মোবাইল নং-৮৬৩৮৩১২৭০৭