ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিব লাগিব ভোটগ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টাৰ আগত

ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিব লাগিব ভোটগ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টাৰ আগত

উপ-নিৰ্বাচনৰ ক্ষেত্ৰত ১১ নৱেম্বৰৰ সন্ধিয়াৰ পৰা প্ৰচাৰ কৰিব নোৱাৰিব এক্সিট প, অপিনিয়ন প, জ্যোতিষীৰ ভৱিষ্যতবাণী

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱ: জন প্রতিনিধিত্ব আইন-১৯৫১ৰ ধাৰা ১২৬ অনুসৰি আগন্তুক ৫টা সমষ্টিৰ উপ-নির্বাচনৰ ভোট গ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আগতে ৰাজনৈতিক দলৰ প্রার্থীসকলে নির্বাচনী প্রচাৰ সমাপ্ত কৰিব লাগিব। 

এই অনুসৰি ১৩ নৱেম্বৰত হবলগীয়া ৫ টা সমষ্টিৰ উপ-নিৰ্বাচনৰ ক্ষেত্ৰত আজি সন্ধিয়া ৫ বজাত ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ সমাপ্ত কৰিব লাগিব। উল্লেখ্য যে অনুষ্ঠিত হবলগীয়া উক্ত উপ-নিৰ্বাচনৰ ক্ষেত্ৰত ১১ নৱেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা কোনো লোকে নির্বাচনী প্রচাৰ সম্বন্ধীয় কোনো সভা, শোভাযাত্রা আদি অনুষ্ঠিত কৰিব নোৱাৰিব বা কোনো জনসমাগমত নির্বাচনী প্রচাৰ চলাব নোৱাৰিব। তদুপৰি টেলিভিশ্বন, চিনেমেটোগ্রাফ বা অন্য তেনে কোনো মাধ্যমত নির্বাচনী প্রচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 

এই সময়ছোৱাত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্যানুষ্ঠান বা যিকোনো মনোৰঞ্জনধর্মী অনুষ্ঠান অনুষ্ঠিত কৰি নির্বাচন সম্পর্কীয় প্ৰচাৰেৰে জনসাধাৰণক প্রভাৱিত কৰিব নোৱাৰিব। ইয়াৰ লগতে উক্ত সময়খিনিত ছপা, বৈদ্যুতিন বা আন কোনো মাধ্যমতে এক্সিট প, অপিনিয়ন পল প্রকাশ-প্ৰচাৰ-সম্প্ৰচাৰ কৰিব নোৱাৰিব। জ্যোতিষীৰ ভবিষ্যতবাণী, টেৰট কার্ড ৰিডিং, ৰাজনৈতিক বিশ্লেষণ আদিও প্রচাৰ-প্ৰকাশ কৰিব নোৱাৰিব।

ভোটদানৰ ক্ষেত্রত ভোটাৰসকলে স্বসিদ্ধান্তৰে যাতে নিৰ্বাচনত অংশগ্রহণ কৰিব পাৰে তাৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।