ৰাজনীতি – বাহাৰুল ইছলাম

Pc The Hans India

ৰাজনীতি

বাহাৰুল ইছলাম 
বালিজান, মৰিগাঁও 

আজি মই প্ৰথমবাৰ প্ৰয়াস কৰিছোঁ
ৰাজনীতি শিকিবলৈ
কিন্তু পৰা নাই
বাৰে বাৰে প্ৰয়াসৰ পিছতো বিফল আৰু বিফল
গছ এজোপা বিচাৰি উলিয়াইছোঁ
তাৰ তলত বহি বহু সময় অপব্যয় কৰিলোঁ
কিন্তু নোৱাৰিলোঁ।
উপায়হীন হৈ গছজোপাক সুধিলোঁ
কোৱাচোন ভাই ৰাজনীতি কি?
সি ততাতৈয়াকৈ ক’লে
লালসাৰ বাঢ়নি বানত
তিতি-বুৰি দেশ-দহৰ বিকাশৰ নামত
স্বাৰ্থৰ বাৰ্তা বিলোৱা মহাপুৰুষ সৱৰ
কৰ্মৰ অন্য নাম ৰাজনীতি।
এফালৰ পৰা বচনবোৰ গিলি গ’লোঁ
আৰু অবাক হ’লোঁ
জোনাকৰ সন্ধিয়া কিম্বা
তমসাচ্ছন্ন অমানিশাৰ দুৰ্যোগতো
এই ৰাজনীতি
কেতিয়াবা সৌন্দৰ্যৰ আখৰাত ব্যৱহৃত হৈছে
আন কেতিয়াবা
উদাত্ত কণ্ঠে নিগৰি বৈছে
বঞ্চিত সৱৰ হৃদয়ৰ সমগ্র জ্বালামুখী ।
আজি আকাশে-বতাহে
শুনা গৈছে কেৱল তৰ্জন-গৰ্জন
প্ৰদূষিত ৰাজনীতিয়ে কঁপাইছে অনেকক
হঁহাইছে অনেকক আন কাৰোবাক
হয়তো দিৱসৰ পোহৰ কিম্বা নিশাৰ আন্ধাৰত বেচিছে
সুন্দৰ -সুঠাম দেহৰ ৰাজনীতি
কুৎচিত আৰু কলুষিত হৈছে।
গ্ৰামাঞ্চলৰ পৰা বিশ্বৰ চুক-কোণ দখল কৰা
ইয়াক অশ্লীলতাৰ সমুদ্ৰত ডুবাই নামাৰিবা
যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে
তেজেৰে লুতুৰি-পুতুৰি গৈছে
এবাৰ চকু মুদি চোৱানা
জন্মৰ মৃত্যু অনিবাৰ্য
অতপালি কৰি পাবানো কি?
ৰিপু জানো শীতল হয় কদাপি?
হে মহাপুৰুষ সকল-
ইয়াক আৱৰ্তন কৰিবলৈ দিয়া
নিজস্ব গতিত
আপোন মান-সন্মানৰ আৱেষ্টনীত
থাকিবলৈ দিয়া
কৰ্ম কৰিবলৈ দিয়া মাথোঁ
মনুষ্যৰ, মনুষ্যৰ দ্বাৰা আৰু মনুষ্যৰ হকে।