ৰাজনীতিলৈ অভিনেত্ৰী জুপিতৰা ভূঞা

Pc facebook

ৰাজনীতিলৈ অভিনেত্ৰী জুপিতৰা ভূঞা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজনীতিলৈ অভিনেত্ৰী জুপিতৰা ভূঞা। অভিনেত্ৰীগৰাকীয়ে আজি আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ  উপস্থিতিত দলটোত যোগদান কৰিলে জুপিতৰা ভূঞাই। উল্লেখযোগ্য যে, কেইবাখনো চলচ্চিত্ৰ, ভিডিঅ’ ছবিত অভিনয় কৰি অসমবাসীৰ চিনাকি হৈ পৰিছিল জুপিতৰা ভূঞা। ভ্ৰাম্যমাণ থিয়েটাৰতো কাম কৰিছে অভিনেত্ৰীগৰাকীয়ে। কিন্তু সাংস্কৃতিক পথাৰৰ পৰা এইবাৰ ৰাজনীতিৰ পথাৰত খোজ দিলে অভিনেত্ৰীগৰাকীয়ে।