ৰাজগড় সংযোগী পথত সংঘটিত খোৱাপানীৰ পাইপ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ জৰুৰী বৈঠক

ৰাজগড় সংযোগী পথত সংঘটিত খোৱাপানীৰ পাইপ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ জৰুৰী বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ ৰাজগড় আৰু গুৱাহাটী কমার্চ কলেজ সংযোগী পথত  সংঘটিত হোৱা খোৱাপানীৰ পাইপ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভবনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত গুৱাহাটী জল বৰ্ডৰ জোষ্ঠ বিষয়ববীয়াসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়। ঘটনা সন্দৰ্ভত মন্ত্রী সিংহলে মুখ্যমন্ত্রীকো সাক্ষাৎ কৰি সবিশেষ আলোচনা কৰে। ইয়াৰ পাছতেই নিজৰ চৰকাৰী বাসভবনত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত কিছুদিনৰ ভিতৰতে মহানগৰীৰ পানীযোগান আঁচনি ৰূপায়ণত সংঘটিত দুটাকৈ দুৰ্ঘটনাত তেওঁ অতিশয় উদ্বিগ্ন আৰু এই ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ দৃঢ়প্রতিজ্ঞ। প্রায় ১৩ বছৰ পূৰ্বে আৰম্ভ কৰা এই প্ৰকল্পৰ খোৱাপানীৰ পাইপসমূহ বহুবছৰৰ আগতেই পোতা হৈছিল আৰু সেই কামত জড়িত অভিযন্তা ঠিকাদাৰ আদি কোনোৱেই আজিৰ তাৰিখত কৰ্মৰত নহয়। তথাপিও বিভাগীয় মন্ত্ৰী হিচাপে তেওঁ এই ঘটনাৰ দায়িত্ব এৰাব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনেধৰণৰ দুর্ঘটনা কেতিয়াও গ্রহণযোগ্য নহয় আৰু এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত কঠোৰ আৰু তৎকালীনভাবে বিহীত ব্যৱস্থা গ্রহণ কৰা হ’ব। ইয়াৰ আগৰ খাৰঘুলিৰ ঘটনাবো পূর্ণগতিত উচ্চ পৰ্যায়ৰ তদন্ত প্রক্রিয়া চলি থকাৰ কথা উনুকিয়াই তেওঁ কয় যে সেই তদন্তৰ প্ৰাথমিক প্রতিবেদন ইতিমধ্যেই লাভ কৰা হৈছে আৰু অতি সোনকালেই তাৰ চূড়ান্ত প্রতিবেদন লাভ কৰা যাব । ভবিষ্যতে যাতে আকৌ এনেধৰণৰ কোনো ঘটনা সংঘটিত নহয় সেয়া সুনিশ্চিত কৰাই এই মুহূৰ্তত চৰকাৰৰ প্ৰাথমিক গুরুত্ব বুলিও তেওঁ উল্লেখ কৰে। আনহাতে এই  ঘটনাৰ তদন্তৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পবিত্ৰ ৰাম খাউণ্ডক দায়িত্ব অৰ্পণ কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে তিনিদিনৰ ভিতৰত এই সমিতিয়ে প্রতিবেদন দাখিল কৰিব। তদন্তৰ সময়ত প্ৰকল্পৰ ডিপিআৰ অনুসৰি সুৰক্ষা পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছিলনে নাই সেয়াও অনুসন্ধান কৰা হ’ব বুলি জানিবলৈ দি মন্ত্রী সিংহলে কয় যে কাইলৈৰে পৰা মহানগৰীৰ পানী পৰিবাহী পাইপলাইনৰ পুনৰবাৰ হাইড্ৰ’টেষ্টিং কৰা হ’ব। ৰাইজৰ অসুবিধা নোহোৱাকৈ এই সময়ছোৱাত কম চাপত পানীযোগান অব্যহত থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে। আনহাতে আই আই টি, গুৱাহাটীৰ লগতে দেশৰ অন্যান্য প্রস্তুত কৰ্মৰত বিশেষজ্ঞ কাৰিকৰী গোটকো মহানগৰীৰ পানী পৰিবাহী পাইপলাইনৰ সুৰক্ষা পৰীক্ষণৰ বাবে তৎকালে নিয়োজিত কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এই ঘটনাৰ খবৰ পোৱাৰ পাঠতেই মন্ত্ৰী সিংহল ঘটনাস্থলীত উপস্থিত হৈ ক্ষতিগ্ৰস্ত লোক তথা সা-সম্পত্তিৰ লগতে সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। তেওঁ ঘটনাস্থলীত উপস্থিত ৰাইজৰ লগতে ক্ষতিগ্রস্ত লোকসকলৰ সৈতেও বাৰ্তালাপ কৰে আৰু চৰকাৰী নিয়মানুসাৰে তেওঁলোকক যথাযোগ্য ক্ষতিপূৰণ প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।