ৰাজগড় কছাৰী যুৱ সংঘৰ সৌজন্যত পঞ্চম বাৰ্ষিক ৰঙালী বিহু সন্মিলন

ৰাজগড় কছাৰী যুৱ সংঘৰ সৌজন্যত পঞ্চম বাৰ্ষিক ৰঙালী বিহু সন্মিলন

বুলমণি বৰি, লখিমপুৰ ,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ জনজীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এটি কৃষিভিত্তিক জাতীয় উৎসৱ বিহু। অসমৰ কৃষি সভ্যতাৰ আদি স্তৰ আৰু কৰ্মময় জীৱনৰ নিৰলস যাত্ৰাৰ কৃষ্টিৰূপী প্ৰকাশ নিসৃত হৈ আছে বহাগ বিহুৰ মাজত। বিহুৰ ঐতিহ্যত অসমীয়াই নিজৰ সত্তাক বিচাৰি পায়। ব’হাগ বিহু উদযাপনৰ যোগেদি অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পাৰস্পৰিক যি সাংস্কৃতিক বিনিময় ঘটে সি আত্মীয়তা, সামাজিক ঐক্য সম্প্ৰীতি তথা জাতীয় সংস্কৃতি ৰক্ষা কৰাত বিপুল বৰঙণি যোগায়। বিহুৰ বুকুত একাত্ম হৈ সোমাই আছে অসমৰ বিভিন্ন জনগোষ্ঠীৰ বাৰে বৰণীয়া সংস্কৃতি ।এই সংস্কৃতিৰ ধাৰা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত লখিমপুৰ জিলাৰ ৰামপুৰ বগীবিল গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰাজগড় কছাৰী যুৱ সংঘৰ সৌজন্যত ২ আৰু ৩ মে ২০২৫  তাৰিখে সভাপতি বিতুপন সোনোৱাল সম্পাদক মানৱজ্যোতি সোণোৱাল কোষাধ্যক্ষ যোগান্ত সোণোৱাল আৰু কাৰ্য্যকৰী সভাপতি ত্ৰিদিপ সোণোৱালৰ নেতৃত্বত পঞ্চম বাৰ্ষিক ৰঙালী বিহু সন্মিলন অতি উলহ মালহেৰে উদযাপন কৰা হয়।       প্ৰথম দিনা পুৱাৰ ভাগত এক উখল মাখল পৰিৱেশত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছতে বৃক্ষৰোপণৰ অন্তত ৰাজগড় কছাৰী লেচেৰী বিহু দলে মঞ্চ উদ্ধোধন কৰাৰ লগে লগে টকা বিহু প্ৰতিযোগিতা আৰম্ভ হয়। টকা বিহুৰ পিচতে মৌ কুঁৱৰী প্ৰতিযোগিতাৰ উদ্ধোধন কৰে বিশিষ্ট সমাজসেৱক শংকৰ গঁড়ে।মৌ কুঁৱৰীৰ লগে লগে সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত  হয়।ঠিক সেইদৰে দ্বিতীয় দিনা পুৱাৰ ভাগত সামূহিক চাফাই খেল ধেমালি প্ৰতিযোগিতাৰ লগতে বিয়লি কছাৰী, মিচিং, দেউৰী জনগোষ্ঠীয় লগতে ঝুমুৰ নৃত্য ,নেপালী নৃত্য প্ৰদৰ্শন কৰা হয়। সন্ধিয়া বঁটা বিতৰণী অনুষ্ঠানত বৰ বিহুৱতীক প্ৰথম পুৰস্কাৰ ১০,০০০ টকা দ্বিতীয় পুৰস্কাৰ ৬০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ৪০০০ টকা ঠিক তেনেদৰে সৰু বিহুৱতী প্ৰথম পুৰস্কাৰ ৫০০০ টকা দ্বিতীয় পুৰস্কাৰ ৩,৫০০ টকা আৰু তৃতীয় পুৰস্কাৰ ২,৫০০ ,মৌ কুঁৱৰী প্ৰথম পুৰস্কাৰ ৪০০০ টকা দ্বিতীয় পুৰস্কাৰ ৩০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ২০০০ টকা, আৰু টকা বিহু দলক প্ৰথম পুৰস্কাৰ ৫০০০ টকা দ্বিতীয় পুৰস্কাৰ ২০০০ টকা প্ৰদান কৰি উৎসাহিত কৰে।নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকৰ সমাগম হয়। সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্ধোধন কৰে বিশিষ্ট সমাজসেৱক ত্ৰিদিপ সোণোৱালে । ইয়াৰ পিছতে জনপ্ৰিয় কণ্ঠশিল্পী ৰাজনাহানে গীতৰ শৰাই আগবঢ়ায়।ৰাজনাহানে পৰিৱেশন কৰা সংগীতানুষ্ঠান দুপৰ নিশালৈকে বিহু প্ৰেমী ৰাইজে উপভোগ কৰে।