ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ দুদিনীয়া দিল্লী ভ্রমণসূচীত একাধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ

Pc The New York Times

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ দুদিনীয়া দিল্লী ভ্রমণসূচীত একাধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দুদিনীয়া নতুন দিল্লী ভ্রমণসূচীত অতি গুৰুত্বপূৰ্ণ বিষয়ত ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ উপস্থিতিত ভাৰত-ৰাছিয়াৰ মাজত সম্পন্ন হ’ল একাধিক বুজাবুজিৰ চুক্তি। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি বৃহস্পতিবাৰে  নতুন দিল্লীত উপস্থিত হোৱা ৰুছ ৰাষ্ট্ৰপতি পুটিনে ভাৰতীয় নৌসেনা বাহিনীৰ হাত শক্তিশালী কৰি আগবঢ়াইছে এক উপহাৰ। সেয়া হৈছে এক ৰুছ ব্রহ্মাস্ত্র- ‘৩এম-১৪ই কেলিবাৰ’ ক্রুজ ক্ষেপণাস্ত্র। অত্যাধুনিক এই ব্ৰহ্মাস্ত্ৰ ভাৰতৰ অস্ত্ৰাগাৰত অচিৰেই অন্তর্ভুক্ত হোৱাৰ কথা। এই ক্রুজ ক্ষেপণাস্ত্ৰৰ সহায়ত সমুদ্রপৃষ্ঠৰ পৰা যিকোনো শত্রু দেশৰ উপকূলৰ ১,৫০০ কিলোমিটাৰ অন্তৰ্ভাগত আঘাত হানিবলৈ সক্ষম হ’ব ভাৰতীয় নৌসেনাই। মস্কোৰ তৰফৰ পৰা দাবী কৰা অনুসৰি ছাবমেৰিনৰ নক্সাৰ সৈতে সংপৃক্ত হৈ থাকিবলগীয়া এই ব্রহ্মাস্ত্র যিকোনো মুহূর্ততে লক্ষ্যস্থানত আঘাত হানিব পৰাকৈ সক্ষম।  মন কৰিবলগীয়া যে ৰুছ লেণ্ড এটাক ক্রুজ ক্ষেপণাস্ত্রবিধৰ ৰপ্তানিৰ এটা ভাৰ্ছনো ৰুছ বিজ্ঞানীয়ে প্ৰস্তুত কৰি উলিয়াইছে, যাৰ নাম ‘৩এম-১৪ই কেলিবাৰ পিএল’। উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে মস্কো ভ্ৰমণ কৰিছিল ভাৰতীয় নৌসেনা বাহিনীৰ এটা শীর্ষ পৰ্যায়ৰ বিষয়াৰ দলে। তেতিয়াই ৰাছিয়াৰ পৰা ভাৰতলৈ এই অত্যাধুনিক ক্রুজ ক্ষেপণাস্ত্রবিদ আমদানি কৰাক লৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত আলোচনা হৈছিল। সমান্তৰালভাৱে প্ৰতিৰক্ষা সম্পৰ্কীয় সা-সৰঞ্জাম আমদানি আৰু ৰপ্তানি সন্দৰ্ভত ৰুছ ৰাষ্ট্ৰীয়কৃত মধ্যস্থতাকাৰী সংস্থা ‘ৰছ’বৰ’নেক্সপ’ৰ্ট’ৰ সৈতেও ভাৰতীয় নৌসেনা বাহিনীৰ শীর্ষ বিষয়াবর্গই বৈঠকত মিলিত হয়। সেই বৈঠকতে উপস্থিত আছিল ৰাছিয়াৰ অত্যাধুনিক ক্রুজ ক্ষেপণাস্ত্ৰটোৰ নিৰ্মাণকাৰী সংস্থা নভাট’ৰ ডিজাইল ব্যুৰ’ৰ কর্তৃপক্ষ। অৱশ্যে তেতিয়া ভাৰতলৈ ‘৩এম-১৪ই কেলিবাৰ’ আমদানি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত হোৱা নাছিল। কিন্তু ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ দুদিনীয়া ভাৰত ভ্রমণসূচীয়ে এই বিষয়টোক ইতিবাচক গতি দিয়ে। ভাৰত-ৰাছিয়াৰ মাজত ইতিমধ্যে সম্পন্ন হৈছে এখন গুৰুত্বপূৰ্ণ সামৰিক চুক্তি। যাৰ নাম ৰেছিপ্ৰ’কেল এক্সেঞ্জেছ অৱ ল’জিষ্টিক ছাপ’র্ট, চমুকৈ ৰে’লছ। যাৰ জৰিয়তে মস্কোৰ সামৰিক ঘাটি ব্যৱহাৰৰ অনুমতি লাভ কৰিছে নতুন দিল্লীয়ে। আনকি ৰাছিয়াৰ ভূমিত যুদ্ধজাহাজ, ছাবমেৰিন আৰু জেড বিমান মোতায়েন কৰিবলৈও এতিয়াৰে পৰা সক্ষম ভাৰত। সমান্তৰালভাৱে ৰাছিয়াৰ পৰা ভাৰতে লাভ কৰিব ল’জিষ্টিক ছাপ’ৰ্ট। এক কথাত ক’বলৈ গ’লে ইন্ধন, অস্ত্র-শস্ত্ৰ, ৰচদপাতি বা যুদ্ধজাহাজ-জেড বিমানৰ মেৰামতিসহ আনুষংগিক সুযোগ-সুবিধাসমূহো লাভৰ পথ প্রশস্ত হৈছে ভাৰতীয় সেনাবাহিনীৰ পক্ষে। তথ্য অনুসৰি উক্ত সামৰিক বুজাবুজিকে ধৰি ৰাষ্ট্ৰপতি পুটিনৰ দুদিনীয়া ভ্রমণসূচীৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ভাৰত-ৰাছিয়াৰ মাজত মুঠ ১৬খন চুক্তি সম্পাদন হয়।