ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পর্ক কৰা ভাৰতৰ বিৰুদ্ধে ১০০% নিষেধাজ্ঞাৰ হুংকাৰ নাটোৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ পিছত এইবাৰ ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক কৰা ভাৰত, চীন আৰু ব্রাজিলক ভয়াৱহ পৰিণাম ভুগিব লাগিব বুলি হুংকাৰ দিছে নাটোৰ সচিবপ্রধান মার্ক ৰুট্টেই। নাটোৰ সচিবপ্রধান ৰুটেই ৰাছিয়াৰ সৈতে যদি বাণিজ্যিক সম্পর্ক অব্যাহত ৰাখে তেতিয়াহ’লে ভাৰত, চীন আৰু ব্রাজিলে ১০০ শতাংশ গুৰুতৰ ছেকেণ্ডাৰী নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিছে। ৰাছিয়াই যদি ইউক্রেইনৰ সৈতে ৫০ দিনৰ ভিতৰত শান্তি চুক্তিত মাস্তি নহয় তেতিয়াহ’লে ৰাছিয়াৰ পৰা আমদানি কৰা দেশসমূহে ১০০ শতাংশ ছেকেণ্ডাৰী কৰ ভৰিব লাগিব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্রাম্পে হুংকাৰ দিয়াৰ দুদিন পিছত নাটোৰ সচিবপ্রধান ৰুট্টেও একেই সুৰত হুংকাৰ দিছে। মার্কিন সাংসদৰ সৈতে হোৱা আলোচনাত নাটোৰ সচিবপ্ৰধানৰে হোৱা বার্তালাপ সন্দর্ভত সাংবাদিকৰে হোৱা কথোপকথনত কয় যেবেইজিং, দিল্লী আৰু ব্রাজিলৰ ৰাষ্ট্ৰপতিক তেওঁ ক’ব খোজে যে যদি তেওঁলোকৰ দেশ গুৰুতৰভাৱে ক্ষতিগ্রস্তৰ পৰা উদ্ধাৰ পাব খোজে তেতিয়াহ’লে অনুগ্ৰহ কৰি তেওঁলোকে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰি পুটিনৰ সৈতে টেলিফোনযোগে বার্তালাপ কৰক আৰু ৰাষ্ট্ৰপতিগৰাকীক শান্তি আলোচনাৰ বাবে মান্তি কৰাওক। অন্যথা দেশ তিনিখনে গুৰুতৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব।