( অণুগল্প )
ৰাখী বন্ধন
আয়নাল হক ,ধুবুৰী
” দাদা,হাতখন মোৰ ফালে আগবঢ়াই দেচোন।”
“কি কৰিবি ঔ? অ’ আজি তাৰমানে ৰাখী বন্ধন! তোলৈ কিবা এটা আনিবলৈও মই দিনটোকে পাহৰিলোঁ নহয়।”
“হ’ব দে দাদা,তই কুশলে থাকিলেই হ’ব—!”
“বাৰু, মোৰ বেগটো খোলচোন—!”
” দাদা—-! ইমান ধুনীয়া চুৰিদাৰ আনিলি মোলৈ–!”
ৰঙতে জপিয়াই ফুৰা ভনীয়েকলৈ চাই মলয়ে হাঁহি সামৰিব নোৱাৰিলে…।