ৰাখী বন্ধনৰ তাৎপৰ্য্য
লখিমী শৰ্মা
যোৰহাট
ৰাখী কেৱল এডাল ৰচী নহয় । ই হ’ল প্ৰেম , ভাতৃত্ববোধ সংমিশ্ৰিত প্ৰতীক । কথাষাৰ তাৎপৰ্য্য আছে । সেইবাবেই এই ৰাখী বন্ধনৰ দিনটো বাহিৰৰ দেশৰ বাহিৰেও সমগ্ৰ বিশ্ববাসীয়ে এই দিনটো পালন কৰি আহিছে ।
ভাই – ভনীৰ মৰম , চেনেহ , ভালপোৱা আৰু আত্মৰক্ষাৰ প্ৰতিশ্ৰুতিৰে পূৰ্ণ ৰাখী বন্ধনৰ এটি গুৰুত্বপূৰ্ণ উৎসৱ ।
ৰাখী বন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন । যিটো দিনত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ সূতা এডাল বান্ধি দিয়ে । আৰু সেই ৰাখীডালতে প্ৰকাশ পাই উঠে যেন মৰম – চেনেহ বোৰ ! ইজনে সিজনৰ প্ৰতি থকা মংগলকামনা , প্ৰতিশ্ৰুতি বোৰ । সেয়েহে ৰাখী বন্ধনক প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্ধয়ৰ উৎসৱ বুলিও কোৱা হয় ।
বৰ্তমান আমাৰ সমাজত ৰাখী বন্ধনৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছে । বৰ্তমান সময়ত ৰাখী বন্ধনৰ প্ৰাসংগিকতা নিশ্চয়কৈ নুই কৰিব নোৱাৰি কিয়নো তেজৰ সম্পৰ্কৰ ভাতৃ আৰু ভগ্নীৰ মাজতে এই উৎসৱটো সীমাবদ্ধতা নাথাকি সম্পৰ্কীয় তথা দূৰ – সম্পৰ্কীয়ৰ মাজতো অৰ্থাৎ চিনাকিয়েই হওঁক বা অচিনাকিয়েই হওঁক এই ৰাখী বন্ধনৰ পৰম্পৰা খুউব সুন্দৰকৈ পালন কৰি অহা দেখিবলৈ পোৱা যায় । হত্যা , হিংসা , বিভেদেৰে পৰিপূৰ্ণ হৈ থকা বৰ্তমান সমাজখনলৈ যেন এনেবোৰ উৎসৱে বাৰ্তা কঢ়িয়াই অনা দেখা পোৱা যায় । ভাতৃ আৰু ভগ্নীৰ মাজত মৰম , চেনেহ , আত্মীয়তা , একতা , শ্ৰদ্ধা , দায়িত্ববোধ আৰু ৰক্ষণশীলতাক বুজাই এই ৰাখী বন্ধনৰ বান্ধোনৰ এই বিশেষ দিনটোক ।
ৰাখীৰ অৰ্থ হৈছে — ” সুৰক্ষা নিশ্চিতকৰণৰ বাবে বান্ধোন ” । জাতি – জনজাতি নিৰ্বিশেষে এই ৰাখী বন্ধনৰ পৰম্পৰা অতি আগ্ৰহেৰে , হেঁপাহেৰে উদযাপন কৰি অহা পৰিলক্ষিত হয় ।
হিন্দু , জৈন , শিখ আদি সকলো ধৰ্মাৱলম্বী লোকে ৰাখী বন্ধন উৎসৱ পালন কৰে । হিন্দু পঞ্জিকা অনুসৰি শাওন মাহৰ পূৰ্ণিমা তিথিৰ দিনা এই উৎসৱ পালন কৰা হয় ।
পুৰণি আখ্যানমতে দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতাসকল দুৰ্বলৰ দৰে অনুভৱ কৰিছিল তেতিয়াই দেৱৰাজ ইন্দ্ৰ বৃহস্পতিৰ কাষ চাপিল । সেই সময়ত ইন্দ্ৰৰ পত্নীয়ে দেৱৰাজ ইন্দ্ৰই বৃহস্পতিৰ আগত কোৱা সকলো কথা শুনি আছিল । তেতিয়া তাই এডাল ৰেচমৰ সূতাত কিছু মন্ত্ৰ শক্তিৰে পৱিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিলে । সিদিনা শাওন মাহৰ পূৰ্ণিমা তিথি আছিল । লোকবিশ্বাস আছে যে তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে ।
মহাভাৰতত উল্লেখ আছে যে —- মহাভাৰতৰ কোনো এখন যুদ্ধত শ্ৰীকৃষ্ণ আঘাত প্ৰাপ্ত হোৱাত পাণ্ডৱ পত্নী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচল ফালি কৃষ্ণৰ আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিয়ে ।এই কাৰ্য্যত শ্ৰীকৃষ্ণ অভিভূত হৈ পৰে ।