ৰাইজৰ মনৰ কথা জানিবলৈ উজনিত ভূপেন বৰাৰ নেতৃত্বত ‘চোতালে চোতালে কংগ্ৰেছ’
ৰাইজৰ প্ৰস্তাৱ সন্নিবিষ্ট হ’ব নিৰ্বাচনী ইস্তাহাৰত
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছে আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান। এই অভিযানৰ নাম দিয়া হৈছে ‘চোতালে চোতালে কংগ্ৰেছ’। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত ১০ ফেব্ৰুৱাৰীৰ পুৱাৰে পৰা চোতালে চোতালে কংগ্ৰেছ শীৰ্ষক ৰাইজৰ মনৰ কথা শুনা অনুষ্ঠান আৰম্ভ হৈছে। উক্ত দিনটোত মাৰ্ঘেৰিটা আৰু মাকুমত দুখন সভাৰ উপৰিও ৰাইজৰ চোতাললৈ গৈ সুখ-দুখৰ বুজ ল’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। ৰাইজৰ মনৰ কথা শুনাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নেতৃত্বত চলা দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু গুণ্ডাৰাজৰ তথ্য পৃষ্ঠাই পৃষ্ঠাই মুকলি কৰে। কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগতে উপ-সভাপতি গুণকান্ত গগৈ, ৰূপা দেউৰী, বালিকা পেগু, সাধাৰণ সম্পাদক ৰাজেশ যোশী, দুৰ্গা ভূমিজ, ৰাজু চাহু. ৰামান্না বৰুৱা, তিনিচুকীয়া জিলা সভাপতি জয়ন্ত কলিতা প্ৰমুখ্যে নেতা-কৰ্মীসকল উপস্থিত থাকে। ১১ ফেব্ৰুৱাৰীত ডিগবৈ আৰু চাবুৱা-লাহোৱাল সমষ্টিত চোতালে চোতালে কংগ্ৰেছৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ পিছত অসমৰ আটাইকেইখন জিলাতে পৰ্যায়ক্ৰমে ৰাইজৰ মনৰ কথা বুজ লোৱাৰ এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই কাৰ্যসূচীত কংগ্ৰেছে ৰাইজৰ কথাৰ আঁত ধৰি ভৱিষ্যঃত দিনসমূহৰ বাবে এক কৰ্মসূচী প্ৰস্তুত কৰিব। নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰাৰ সময়ত ৰাইজৰ এই মনৰ কথাক গুৰুত্ব দিয়া হ’ব।