‘ৰাইজৰ পদূলিত-ৰাইজৰ কংগ্ৰেছ’ কাৰ্যসূচী

‘ৰাইজৰ পদূলিত-ৰাইজৰ কংগ্ৰেছ’ কাৰ্যসূচী
ধেমাজিত সভাপতি গৌৰৱ গগৈ, বৰপেটাত দেৱব্ৰত শইকীয়া, শোণিতপুৰত ভূপেন বৰা, কাৰ্বি আংলঙত ৰিপুন বৰাৰ অংশগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- ‘ৰাইজৰ পদূলিত-ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ধেমাজি জিলা মহিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন দল-সংগঠনৰ নেতৃত্বৰ সৈতে বাৰ্তালাপ কৰে৷ জ্যেষ্ঠ নাগৰিক সমাজ, মহিলা সমিতি, বিভিন্ন দল-সংগঠনেৰে সভাপতিগৰাকীয়ে বাৰ্তালাপ কৰি কংগ্ৰেছে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰিবলগীয়া নিৰ্বাচনী ইস্তাহাৰত ৰাইজৰ অভাৱ-অভিযোগ আৰু ৰাইজৰ প্ৰস্তাৱসমূহ সন্নিৱিষ্ট কৰিবলৈ মতামত গ্ৰহণ কৰে৷ একেদৰে তেজপুৰ, বৰাক, কাৰ্বি আংলং জিলাৰ ডংকামোকামত আজি এই কাৰ্যসূচী ৰূপায়িত হয়৷ ইতিমধ্যে পাৰ্বত্য জিলা দুখনৰ পৰা এই কাৰ্যসূচী সামৰি ৰিপুন বৰা আৰু মীৰা বৰঠাকুৰে অন্য জিলালৈ যাবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে৷ আনহাতে, কেম্পেইন কমিটীৰ অধ্যক্ষ ভূপেন বৰা আৰু এআইচিচিৰ সাধাৰণ সম্পাদক মনোজ চৌহানৰ নেতৃত্বত শোণিতপুৰ জিলাৰ তেজপুৰত ইস্তাহাৰ সম্পৰ্কীয় আলোচনা চলে৷ বিভিন্ন দল-সংগঠন, অধিবক্তা সমাজ, গোৰ্খা সমাজৰ প্ৰতিনিধি, জ্যেষ্ঠ সাংবাদিকৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ পৰা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ ইস্তাহাৰ কেনেকুৱা হোৱা উচিত, কি কি বিষয় সন্নিৱিষ্ট কৰা উচিত সেই সন্দৰ্ভত আলোচনা কৰে৷ ভূপেন বৰাৰ নেতৃত্বত যোৱা দলটোত বিধায়ক ভাস্কৰ বৰুৱা, বিধায়িকা নন্দিতা দাস, কাৰ্যকৰী সভাপতি প্ৰদীপ সৰকাৰ, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কূৰ্মী, প্ৰাক্তন সভাপতি দাদুল বৰকটকী প্ৰমুখ্যে নেতাসকল উপস্থিত থাকে৷ অনুষ্ঠানটো বিশেষভাৱে পৰিচালনা কৰে সম্পূৰ্ণা শইকীয়াই৷ ইফালে দেৱব্ৰত শইকীয়া আৰু পৃথ্বিৰাজ সাথেৰ নেতৃত্বত বৰপেটাত ইস্তাহাৰ বিষয়ক লৈ আলোচনা চলে৷ বিভিন্ন দল-সংগঠনৰ লগতে এবছু, আমছু, সচেতন নাগৰিক মঞ্চ, ক্লাৱৰ নেতা-কৰ্মীৰ সৈতে দেৱব্ৰত শইকীয়াই বৰপেটা আৱৰ্ত ভৱনত ইস্তাহাৰ সম্পৰ্কীয় আলোচনাত মিলিত হয়৷ উল্লেখ্য যে, কাইলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে লখিমপুৰ জিলাত ইস্তাহাৰ সমিতিৰ হৈ ৰাইজৰ মতামত গ্ৰহণ কৰিব আৰু ভূপেন বৰাই বিশ্বনাথ চাৰিআলিত মতামত গ্ৰহণ কৰিব৷