ৰাইজৰ দলৰ ১১ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা

ৰাইজৰ দলৰ ১১ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছে নিজৰ ৪২জনীয়া প্রার্থী তালিকা ঘোষণাৰ পিছতে ৰাইজৰ দলেও ঘোষণা কৰিলে নিজৰ ১১জনীয়া প্ৰাৰ্থীৰ তালিকা। বুধবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেলযোগে দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই ‘২৬ৰ নিৰ্বাচনৰ বাবে ১১জনীয়া প্রথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। অৱশ্যে এই তালিকাত নাম নাহিল দলৰ সভাপতি অখিল গগৈৰ। ৰাইজৰ দলে ঘোষণা কৰা প্ৰথমখন প্ৰাৰ্থীৰ তালিকা অনুসৰি, প্ৰাৰ্থিত্ব লাভ কৰিছে পূব গোৱালপাৰা সমষ্টিত আব্দুৰ ৰছিদ মণ্ডল, জালুকবাৰী সমষ্টিত ৰমেন চন্দ্ৰ বৰঠাকুৰ, নৱগঠিত মানস সমষ্টিত অঞ্জন তালুকদাৰ, দলগাঁও সমষ্টিত আজিজুৰ ৰহমান, ধিং সমষ্টিত মেহবুব মুক্তাৰ, তেজপুৰ সমষ্টিত অলক নাথ, চিচিবৰ গাঁও সমষ্টিত দুলাল চন্দ্ৰ বৰুৱা, মাৰ্ঘেৰিটা সমষ্টিত ৰাহুল চেত্রী, ডিগবৈ সমষ্টিত লক্ষ্যজ্যোতি গগৈ, মৰিয়নি সমষ্টিত ড° জ্ঞানশ্ৰী বৰা আৰু বোকাখাত সমষ্টিত ৰতন দাৱ। ৰাইজৰ দলে ১১জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পিছত ৰাজ্যৰ ৰাজনীতিত বহু চৰ্চিত বিৰোধীৰ মিত্ৰতাক লৈ চৰ্চা হৈছে।