ৰাইজৰ দলৰ সংবাদ মেল
মুখ্যমন্ত্ৰীৰ মুখেৰে ওলাইছে তিনিখন গাঁও চৰকাৰে অধিগ্ৰহণ কৰিব বিচাৰিছে
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আজি আয়োজন কৰা এক সংবাদ মেলত ভাগ লৈ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰাই সংবাদ মেল সম্বোধন কৰি কয় যে -বিমানবন্দৰৰ বাবে মাটি অধিগ্ৰহণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কৰা মন্তব্যক লৈ সংবাদ মেল মিছা কথাৰ আশ্ৰয় লৈছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ তিনিদিনত তিনিখন সংবাদ মেল পাতি তিনি দিনৰ কথা বেলেগ বেলেগ কয় ,মুখ্যমন্ত্ৰীৰ মুখেৰেই ওলাইছে তিনিখন গাঁওৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰিব বিচাৰিছে।গড়ল গাঁওত ৭০ বিঘা ১৫ লেছা মাটি অধিগ্ৰহণ কৰিবলৈ জাননী দিছে, মিৰ্জাপুৰ গাঁওত ১৫৭ বিঘা ৯ লেছা আৰু আজৰা গাঁওৰ ৮৩ বিঘা ৪ কথা ১৫ লেছা এৰোচিটি আৰু চিমেণ্ট কোম্পানীৰ বাবে মাটি অধিগ্ৰহণ কৰিব বিচাৰিছে৷১৩ এপ্ৰিলত মুখ্যমন্ত্ৰীয়ে কৈছিল ২২ এপ্ৰিলত আকৌ মুখ্যমন্ত্ৰীয়ে কৈছিল ,মুখ্যমন্ত্ৰীৰ কোনটো কথা সঁচা ১৩ আৰু ২২ এপ্ৰিলত কোৱা কথা সঁচা নে কালিৰ দিনটোত ১ আগষ্টত সংবাদ মেলত কোৱা কথা সঁচা বুলি সংবাদ মেলত উল্লেখ কৰে।আনহাতে গুৱাহাটী মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ কাৰ্য্যালয়ত আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰেছ বাইট যোগে কয় যে-ঋণৰ প্ৰসংগক লৈ অখিল গগৈৰ মন্তব্য কৰে।স্বাধীনতাৰ ৭৫ বছৰৰ পাছত ৪২ হাজাৰ কোটি টকাৰ ধাৰ আছিল ৰাজ্য চৰকাৰৰ।এতিয়া অসমৰ ঋণ হৈছেগৈ ২ লাখ কোটি টকা।অসমৰ ৬০% পথাৰত পানী নাই বাবে খেতি কৰিব পৰা নাই, ধাৰৰ টকাৰে সেইবোৰ কাম নকৰে চৰকাৰে উৎপাদনশীল কামৰ বাবে টকা লোৱা নাই। চৰকাৰে চৰকাৰী আঁচনি, উৰণীয়া সেতু আদিৰ বাবে ধাৰ লৈছে চৰকাৰে,বিজেপি চৰকাৰে ১ লাখ ৫৮ হাজাৰ কোটি টকাৰ ধাৰ বিগত ৯ বছৰত লৈছে।অসমৰ ১০% GDP growth, ধাৰ লোৱাৰ growth ২৮% অসমৰ GDP ৰ ৫১% ধাৰ কিয় ধাৰ লব লগা হৈছে? চৰকাৰে ,GST ৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ যায় কৰৰ টকা,ৰাজ্য চৰকাৰক ৬ মাহ, ১ বছৰৰ পাছতহে সেই টকা দিয়ে কেন্দ্ৰই।কোনো এখন চৰকাৰে ধাৰ ললে সেই ধাৰ ১০ বছৰৰ পাছতহে মাৰিব লাগে।বিমানবন্দৰৰ মাটি অধিগ্ৰহণৰ প্ৰসংগত কয় যে – আদানীৰ পৰা ৰক্ষা কৰিবলৈ নহয়, অসমখন আদানিক গতাবলৈ মাটি অধিগ্ৰহণৰ ব্যৱস্থা কৰিছে হিমন্ত বিশ্ব শৰ্মাই।আদানীৰ পৰা নহয়, মুখ্যমন্ত্ৰীৰ পৰা অসমৰ মানুহে মাটি বচাব লাগে বিমানবন্দৰৰ কাষত যি সকল মানুহ আছে প্ৰতিজন মানুহেই খিলঞ্জীয়া মানুহ খিলঞ্জীয়া মানুহক মিছা কথাৰে টুপী পিন্ধাব খুজিছে মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰীক অখিল গগৈৰ প্ৰত্যাহ্বান, “অসম চৰকাৰে ক্ৰয় কৰিব নালাগে বিমানবন্দৰৰ কাষৰ মাটি”যিমান টকা দিলেও বিমানবন্দৰৰ কাষৰ মানুহে আদানীক মাটি বিক্ৰী নকৰে”।মুখ্যমন্ত্ৰীয়ে সেই বিষয়ে চিন্তা কৰিব নালাগে”বুলি গগৈয়ে প্ৰেছ বাইট যোগে জনায়।