ৰাইজৰ দলৰ সংবাদ মেল

ৰাইজৰ দলৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে তেওঁৰ বাসভৱনত সোণাপুৰৰ উচ্ছেদক লৈ আজি এটি সংবাদ মেল আয়োজন কৰে। উক্ত সংবাদ মেলত তেওঁ চৰকাৰক প্ৰশ্ন কৰি কয়, ট্ৰাইবেল বেল্টৰ মাটি যিহেতু মিঞা বাঙালী খিনিক উচ্ছেদ কৰিছে ঠিক আছে। তাত যিবোৰ বহিৰাগত বণিয়াৰ উদ্যোগ আছে সেইবোৰ উচ্ছেদ কৰিবনে? সোণাপুৰৰ কথা তেওঁৱেই প্ৰথম উলিয়াইছিল। বৰ্তমান উচ্ছেদৰ ৰাজনীতিক লৈ গগৈৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ এইটোও কয় কোনোবা কৰ্পোৰেট গোষ্ঠীক উচ্ছেদিত ঠাই গতোৱাৰ বাবে উচ্ছেদ কৰা হৈছে। আইনক ভেঙুছালি কৰি উচ্ছেদ কৰা কাৰ্য্যক তেওঁ গৰিহণাৰ যোগ্য বুলি কয়। আগতীয়া জাননী নিদিয়াকৈ এই উচ্ছেদ অ সাংবিধানিক। ১১০০ কোটি টকীয়া কেলেংকাৰিত যেতিয়া মন্ত্ৰীৰ নাম সাঙোৰ খাই গল, মন্ত্ৰী পত্নীৰ নাম সাঙোৰ খাবলৈ ধৰিলে, তেতিয়াই ইশ্চু দাইভাৰ্ত কৰাৰ বাবে সোণাপুৰৰ এই কাণ্ড। ইণ্টাৰনেট সংক্ৰান্তত কয়, ইউ পি এছ চি, এ পি এছ চি পৰীক্ষাটো নেট কৰ্তন কৰা নহয়। এই পৰীক্ষা নিখুঁট বুলি বাতৰি প্ৰচাৰ কৰি বাহ বাহ লোৱাৰ এক কৌশল। ইয়াতেই প্ৰমাণ পোৱা যায় অদক্ষ চৰকাৰৰ নাভূত নাশ্ৰুত কাণ্ড বুলি তেওঁ মন্তব্য কৰে।