ৰাইজৰ দলৰ লতাশিল থানাত এজাহাৰ

ৰাইজৰ দলৰ লতাশিল থানাত এজাহাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটীৰ সম্পাদক জয়ন্ত কুমাৰ দাস, আনিযুৰ ৰহমান, অধিবক্তা আব্দুৰ ৰচিদ হাজৰিকা, কামৰূপ মহানগৰ জিলা সম্পাদক পিংকি বৰপূজাৰী, জিলা সম্পাদক ইন্দ্ৰজিৎ শৰ্মা, আৰু উপ সভাপতি যোগেশ্বৰ গগৈয়ে লতাশিল থানত আহি শিখা শৰ্মা আৰু গৌতম শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ সহ ভাৰপ্ৰাপ্ত বিষয়া নবজিত কুমাৰৰ হাতত অৰ্পন কৰে। উল্লেখ থাকে যে এই দুগৰাকী ব্যক্তিয়ে কালি ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰাৰ বাবে ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে কিছুমান মিছা, অপপ্ৰচাৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল, আৰু আজি সেই গতিকে এই লোক দুগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।