ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় নাৰী বাহিনীৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

Pc Wikipedia

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত জাতীয় নাৰী বাহিনীৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীস্থ ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত জাতীয় নাৰী বাহিনীৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হয়।অসমৰ ২২ খন জিলাৰ পৰা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত পতাকা উত্তোলন কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি ৰমেন বৰঠাকুৰে, শ্বহীদ তৰ্পন কৰে জাতীয় নাৰী বাহিনীৰ তত্বাৱধায়ক ধ্ৰুৱজ্যোতি বৰাই। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সাংগঠনিক সভাৰ সভাপতিত্ব কৰে জাতীয় নাৰী বাহিনীৰ সভানেত্ৰী অৰুনা বৰা হাজৰিকাই৷ সভাত ৰমেন বৰঠাকুৰে জাতীয় নাৰী বাহিনীক শক্তিশালী কৰাৰ ক্ষেত্ৰত ল’ব লগা সাংগঠনিক দিশ সমূহৰ বিষয়ে বহুল ব্যাখ্যা দাঙি ধৰাৰ লগতে জাতীয় নাৰী বাহিনীক আগুৱাই নিয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে৷সভাত জাতীয় নাৰী বাহিনীৰ তত্বাৱধায়ক ধ্ৰুৱজ্যোতি বৰা, কেন্দ্ৰীয় সহ: সম্পাদক প্ৰদীপ বৰুৱা, জাতীয় নাৰী বাহিনীৰ উপদেষ্টা অৰ্চনা গগৈকে ধৰি নাৰী বাহিনীৰ কেন্দ্ৰীয় বিষয় ববীয়া সকলেও অংশগ্ৰহণ কৰে।