ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠক

Pc Wikipedia

ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সভাপতি অখিল গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠকে অসমৰ ১২ দলীয় বিৰোধী ৰাজনৈতিক ঐক্যমঞ্চৰ বিষয়টো পুংখানুপুংখ আৰু গভীৰভাৱে আলোচনা কৰি নিম্নলিখিত প্ৰস্তাৱটি দলৰ কাৰ্যনিৰ্বাহক, সাধাৰণ পৰিষদ আৰু ১২ দলীয় বিৰোধী ৰাজনৈতিক ঐক্যমঞ্চলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।”২০২৪ চনৰ সাধাৰণ নিৰ্বাচনটো দেশৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ জটিল আৰু স্পৰ্শকাতৰ নিৰ্বাচন। এই নিৰ্বাচনে আমাৰ দেশৰ গণতন্ত্ৰ, দেশৰ সংবিধান, দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু দেশৰ সম্পদ তথা বজাৰৰ অধিকাৰ দেশবাসীৰ হৈ থাকিবনে নাই এই মৌলিক বিষয় সমূহ নিৰ্ণয় কৰিব। ২০২৪ চনৰ এই সাধাৰণ নিৰ্বাচনত বিজেপি দল পুনৰবাৰ ক্ষমতাসীন হ’লে আমাৰ দেশখন একনায়কত্ববাদী আৰু ধৰ্মীয় মৌলবাদী ৰাষ্ট্ৰলৈ পৰ্যৱসিত হোৱাৰ প্ৰবল আশংকা থাকিব। এনেস্থলত সকলো গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু দেশৰ বিচিত্ৰতাৰ মাজত ঐক্যত বিশ্বাসী ৰাজনৈতিক দলে আগন্তুক ২০২৪ চনৰ নিৰ্বাচনটোক সৰ্বোচ্চ ত্যাগ কৰি হ’লেও বিজেপি নেতৃত্বাধীন চৰকাৰখনক ক্ষমতাচ্যুত কৰাটো সময়ৰ আহ্বান বুলি গণ্য কৰিব লাগিব। সেয়েহে আজি ৰাইজৰ দলৰ কৰ্ণধাৰ সভাই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে যে আগন্তুক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত ৰাইজৰ দলে অসমৰ কোনো এটা সমষ্টিতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পৰা বিৰত থাকি অসমৰ ১৪খন লোকসভা আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব লগীয়া বিৰোধী ঐক্যৰ প্ৰাৰ্থীৰ বিজয় সু-নিশ্চিত কৰিবলৈ সৰ্বতোপ্ৰকাৰে জঁপিয়াই পৰিব। ৰাইজৰ দলৰ এই সিদ্ধান্তই অসমৰ বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহক দলীয় স্বাৰ্থৰ উৰ্দ্ধত গৈ ঐক্যৱদ্ধভাৱে দেশ, জাতি আৰু জনগণৰ হকে সৰ্বোচ্চ ত্যাগৰ বাবে উদ্বুদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে।