ৰাইজৰ আশিসেৰে উদ্বুদ্ধ হৈ বিকাশ আৰু প্ৰগতিৰ যাত্ৰাত আমি সাহসেৰে আগুৱাই যামঃ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক বিজেপিৰ আশীর্বাদ যাত্রাই ষষ্ঠ দিনা সৰুপথাৰ, গোলাঘাট, খুমটাই আৰু দেৰগাঁও বিধানসভা সমষ্টিক সামৰি ল’লে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শনিবাৰে পুৱাৰে পৰা নিশালৈ চলা এই যাত্রাত পুৰুষ-মহিলা, যুৱক-যুৱতীকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ জনতাই ৰাজপথলৈ ওলাই আহি অটল-অবিচল আৰু অগ্রগামী অসমৰ অনিৰুদ্ধ গতি অব্যাহত ৰখাৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাক শুভাশিস প্রদান কৰে। সৰুপথাৰত আৰম্ভহোৱা এই জন আশীৰ্বাদ যাত্ৰা পাৰ হৈ যোৱা সমষ্টিকেইটাৰ প্ৰতিটো অঞ্চলতেই ৰাইজে পাৰভগা উৎসাহ প্রদর্শন কৰে। শনিবাৰে পুৱা সৰুপথাৰ সমষ্টিৰ বৰপথাৰ দূৰণি শিৱ মন্দিৰ প্ৰাংগণত অস্থায়ী হেলিপেডত হেলিকপ্টাৰেৰে অৱতৰণ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পোনে পোনে দূবৰণি শিৱ মন্দিৰ চৌহদত খননকাৰ্যত উদ্ধাৰ হোৱা এটি প্রাচীন মূৰ্তিৰ আগত সেৱা লৈ এখন বিশাল সভাত অংশগ্রহণ কৰে। এই সভাতে মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ স্বাৰ্থত বিজেপি দলক পুনৰ ভোটদান কৰিবৰ বাবে আহ্বান জনায়।

মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ ভাষণত কয়- জনসাধাৰণৰ এই মৰম আৰু উৎসাহ সদায় মনত সজীৱ হৈ থাকিব। ৰাইজৰ আশিসেৰে উদ্বুদ্ধ হৈ বিকাশ আৰু প্ৰগতিৰ যাত্ৰাত আমি সাহসেৰে আগুৱাই যাম। জন আশীর্বাদ যাত্রালৈ জনসাধাৰণৰ স্বতঃস্ফূর্ত সঁহাৰি আৰু বিজেপিৰ প্ৰতি প্ৰদৰ্শন কৰা মৰম-স্নেহত তেওঁ অভিভূত হৈ পৰিছে বুলিও উল্লেখ কৰে।মুখ্যমন্ত্ৰীয়ে বৰপথাৰ, দূবৰণি শিৱ মন্দিৰৰ পৰা গেলাবিললৈকে প্রায় ১৩ কিলোমিটাৰ এখন খোলা গাড়ীত যাত্ৰা কৰি ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে। প্রায় ৩০ হাজাৰৰো অধিক লোকে পথৰ কাষত থিয় হৈ মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনায়। এই যাত্রাত মুখ্যমন্ত্রীক সংগ প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্রী অজন্তা নেওগ, বিধায়ক বিশ্বজিৎ ফুকনকে ধৰি কেইবাজনো নেতাই। সৰুপথাৰৰ পাছতে আশীর্বাদ যাত্রা গোলাঘাট বিধানসভা সমষ্টিৰ চাংখাটি আৰু তেলীশালত উপস্থিত হোৱাত সমর্থকসকলে মুখ্যমন্ত্রীক উষ্ম আদৰণি জনায়।
