“ৰাইজৰ আকাংক্ষা, বিজেপিৰ সংকল্প”ৰ শুভাৰম্ভ বিজেপিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভা নিৰ্বাচনক লক্ষ্য কৰিয়েই বাজপেয়ী ভৱনৰ পৰা আৰম্ভ হ’ল এক বিশেষ যাত্ৰাৰ। বিজেপিৰ সংকল্প প্ৰস্তুতিৰ বাবেই শাসকীয় দলটোৱে ২০২৬ৰ বাবে ৰাজহুৱা প্ৰচাৰ অভিযান “ৰাইজৰ আকাংক্ষা, বিজেপিৰ সংকল্প”ৰ শুভাৰম্ভ কৰে। বিজেপি অসম প্ৰদেশে আজি গুৱাহাটীৰ বশিষ্ঠ অটল বিহাৰী বাজপেয়ী ভৱনত অসম বিধানসভা নিৰ্বাচন, ২০২৬ৰ বাবে ৰাজহুৱা প্ৰচাৰ অভিযান “ৰাইজৰ আকাংক্ষা, বিজেপিৰ সংকল্প”ৰ শুভাৰম্ভ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই শুভাৰম্ভ কৰা এই যাত্ৰাৰ কাৰ্যসূচী উপলক্ষে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত সভাপতি দিলীপ শইকীয়াই বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ পৰা চাৰিটা মাধ্যমেৰে পৰামৰ্শ গ্ৰহণ কৰি দলে সংকল্প প্রস্তাৱ প্ৰস্তুত কৰিব বুলি অৱগত কৰে। সভাপতি শইকীয়াই কয়- ইয়াৰ বাবে ইচ্ছুক ৰাইজে ৭০০২১-২৬১২৬ ফোন নম্বৰত মিছকল দিয়াৰ লগে লগে উক্ত ম’বাইলত এটা মেছেজ আহিব আৰু তাৰ এটা লিংক আহিব। এই লিংকত ক্লিক কৰাৰ লগে লগে পৰামৰ্শ দিবৰ বাবে এটি ফর্মেট আহিব, পৰামৰ্শদাতাজনে তেওঁৰ নাম, ম’বাইল নম্বৰ লিখি আৰু বিধানসভা সমষ্টিৰ নাম উল্লেখ কৰি তেওঁ দিব বিচৰা পৰামৰ্শটো লিপিবদ্ধ কৰি পঠিয়াব পাৰিব। উক্ত পৰামৰ্শটো গ্রহণ কৰাৰো প্ৰাপ্তি স্বীকাৰ সংশ্লিষ্ট লোকজনৰ ম’বাইললৈ প্ৰেৰণ কৰা হ’ব। তদুপৰি পৰামৰ্শসমূহ QR Scaner, ই-মেইল bjpassamsankalpa2026@gmail.com ৱেবছাইট আৰু www.bjpassamsankalpa2026.comৰ জৰিয়তে দিব পাৰিব। এই যাত্ৰাৰ শুভাৰম্ভণিৰ অনুষ্ঠানত বিধানসভা নির্বাচন ২০২৬ত দলীয় নির্বাচনী ইস্তাহাৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ তথা মন্ত্রী ডাঃ ৰণোজ পেণ্ড, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, নির্বাচন প্রবন্ধ সমিতিৰ আহ্বায়ক তথা সাংসদ প্রদান বৰুৱা উপস্থিত থাকে। সভাপতি দিলীপ শইকীয়াই এই অনুষ্ঠানতে কয় যে ৰাজ্যবাসীৰ আশা-আকাংক্ষাক বাস্তৱত প্রতিফলিত কৰাৰ লক্ষ্যৰে নাগৰিকৰ বহুমূলীয়া পৰামৰ্শসমূহ আজিৰে পৰা মিছকল, QR Scaner, ই-মেইল আৰু ৱেবছাইটৰ জৰিয়তে দলে সংগ্ৰহ কৰিব। সমান্তৰালভাৱে বিজেপিয়ে ৰাজ্যৰ বিভিন্ন স্থানত পৰামৰ্শ দিয়াৰ বাবে একোটা পৰামৰ্শ বাকচো সংস্থাপিত কৰিব। এই আটাইবোৰ পৰামৰ্শ গ্ৰহণৰ পিছত ইস্তাহাৰখন খচৰা প্ৰস্তুত সমিতিয়ে পৰ্যালোচনাক্রমে গ্রহণ কৰি ৰাজ্যখনক ৰাইজৰ ইচ্ছাৰ সৈতে একাত্মক হৈ বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰখন প্ৰস্তুত কৰিব।

অনুষ্ঠানত সভাপতি দিলীপ শইকীয়াই কয়- ভাৰতৰ ভিতৰতে অসম এখন দ্রুতগতিত বিকশিত ৰাজ্যৰ ভিতৰত এখন আৰু অসমৰ বিকাশৰ পৰিসংখ্যা ৪৫ শতাংশ। জনকল্যাণকামী আঁচনিসমূহ পোনপটীয়াভাৱে হিতাধিকাৰী প্ৰাপ্তিৰ ব্যৱস্থা বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ স্বচ্ছতাৰ এক উল্লেখনীয় নিদর্শন। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কৃষি বিকাশ যোজনা, গৰিব কল্যাণ আঁচনি, প্রধানমন্ত্রী আবাস যোজনা, প্রধানমন্ত্রী অন্ন সুৰক্ষা যোজনা আঁচনিয়ে কৃষক, গৰিব আৰু গৃহহীনক ঢুকি পোৱাকৈ বাস্তৱিকভাৱে ৰূপায়ণ হৈছে আৰু ইয়াৰ ফলত গৰিবৰ সূচাংক সংখ্যা কংগ্ৰেছৰ দিনত ৩৪ শতাংশৰ পৰা ৫২ শতাংশলৈ হ্রাস পাইছে। উদ্যোগীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক উল্লেখযোগ্য অৱদান আছে বুলি উল্লেখ কৰি দিলীপ শইকীয়াই কয়- জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প, নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট সংযোজন, নুমলীগড় শোধনাগাৰৰ বাঁহৰ পৰা প্ৰস্তুত জৈৱিক তেল আদি অসমৰ এক উল্লেখনীয় উদ্যোগীকৰণ কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ বাবেই সম্ভৱ হৈছে। আনহাতে মুখ্যমন্ত্রী ড° শর্মা নেতৃত্বাধীন চৰকাৰখনে স্বদেশী বিশ্বাস আৰু সংস্কৃতি মন্ত্রালয় গঠন, ডিব্ৰুগড়ত মুখ্যমন্ত্রী সচিবালয় স্থাপন, বৰাক উন্নয়ন বিভাগ সৃষ্টি আৰু বহুবিবাহ-বাল্যবিবাহ নিষেধ আইন আদি সিদ্ধান্তই বিজেপি চৰকাৰৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰ পৰিচয় দিছে। শেষত তেওঁ কয়- ২০১৬ চনৰ পৰা বিজেপি চৰকাৰে জাতি-মাটি-ভেটি সংৰক্ষণৰ লগতে অসমীয়া সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত একাধিক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু আগন্তুক সংকল্প-পত্রত এই লক্ষ্যসমূহ অধিক শক্তিশালী ৰূপত প্রতিফলিত হ’ব।
