ৰাইজে বিচাৰিলে  ১০৬ টা সমষ্টিত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিবঃ মুখ্যমন্ত্রী

ৰাইজে বিচাৰিলে  ১০৬ টা সমষ্টিত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিবঃ মুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- অগপৰ সৈতে মিত্ৰতাৰ আলোচনা চলি আছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আঞ্চলিক দলটোৰ সৈতে কথা পাতি আছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অগপ-বিজেপিৰ আসন বুজাবুজি সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়- পূর্বে যিধৰণে আসন বুজাবুজি হৈছিল, সেই ধৰণেই আসন থাকিব। এখন-দুখন আসনৰ সাল-সলনি হ’ব পাৰে। ক’ৰবাত আমাৰ ছিটত তেওঁলোকে উঠিব পাৰে, তেওঁলোকৰ ছিটত আমি উঠিব পাৰোঁ। আসনৰ অদল-বদল হ’ব, সংখ্যা প্রায় ঠিকেই থাকিব। এটা-দুটা হয়তো বাঢ়িব পাৰে বা কমিব পাৰে। অগপ আৰু বিজেপিৰ আসন বুজাবুজি মোটামুটি হৈ গৈছে। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মন্ত্রী জয়ন্ত মল্ল বৰুৱাই অগপৰ লগত কথা পাতি আছে। মোটামুটি আসন বুজাবুজি সম্পূর্ণ হৈ গৈছে। এইক্ষেত্রত যিদিনাখনে গৃহমন্ত্রী অমিত শ্বাহে আসনৰ বুজাবুজি চূড়ান্ত কৰাৰ বাবে বহিব, সেইদিনাই সকলো চূড়ান্ত হ’ব। প্রাথমিক বুজাবুজিতো বিজেপিয়ে অগপৰ লগত সম্পূৰ্ণ কৰিছে। আনহাতে  বিধানসভা নিৰ্বাচনৰ প্রাক্‌ক্ষণত বিৰোধীক নস্যাৎ কৰি ৰাজ্যখনৰ ১০৬টা সমষ্টিত এন ডি এৰ প্ৰাৰ্থীৰ জয়ৰ সম্ভাৱনা আছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা । সংবাদ মাধ্যমৰ আগত নিৰ্বাচনৰ প্ৰস্তুতিৰ প্ৰসংগ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- ১০৬টা সমষ্টিত বিজেপিয়ে জয়ৰ পূৰ্ণ নিশ্চয়তা আছে। কিন্তু ৰাইজে আমাক জিকাব লাগিব। যদি মানুহে জিকাম বুলি ভাবে, ১০৬টা সমষ্টিতহে জিকাব পাৰে, তাৰ ওপৰত নোৱাৰে। বিজেপিৰ লগতে অগপ, বড়ো, কার্বি, ডিমাচা সকলোৱে মিলি ১০৬টা সমষ্টিত আমাৰ জিকাৰ সামর্থ্য আছে।