ৰাইজে অভিযোগ দিব পৰাকৈ নতুন প’ৰ্টেল মুকলি মুখ্যমন্ত্ৰীৰ

ৰাইজে অভিযোগ দিব পৰাকৈ নতুন প’ৰ্টেল মুকলি মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- চৰকাৰী কাৰ্যালয়ত এতিয়াৰে পৰা যদি সময়মতে কাম নহয়, তেন্তে ৰাজহুৱা সেৱা অধিকাৰ আয়োগত দিব পাৰিব অভিযোগ।এনে অভিযোগ প্রমাণিত হ’লে বিষয়া-কর্মচৰীয়ে ১০০ টকাৰ পৰা ১০ হাজাৰ টকাপৰ্যন্ত জৰিমনা ভৰিব লাগিব। আনকি মুখ্য সচিবপর্যন্ত বিহা হ’ব জৰিমনা। এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত অসম ৰাজ্যিক ৰাজহুৱা সেৱাবিধি অধিকাৰ আয়োগৰ  শুভ উদ্বোধন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।  এই অনুষ্ঠানতে ৰাজহুৱা সেৱা প্ৰদানৰ দিশত দায়বদ্ধতা সুনিশ্চিতকৰণৰ উদ্দেশ্যে ৰাজহুৱা সেৱা অধিকাৰ আপীল কার্যপ্রণালী, ৰাজহুৱা সেৱা অধিকাৰৰ সকলো দিশ সামৰি প্ৰকাশ কৰা হাতপুথি তথা আয়োগৰ ৱেবছাইটটো মুখ্যমন্ত্রীয়ে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে প্রযুক্তিয়ে আজি দায়বদ্ধতা গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে। জনসাধাৰণে নিজৰ অধিকাৰৰ বিষয়ে নাজানিলে সু-শাসন প্রতিষ্ঠা হ’ব নোৱাৰে। ৰাজহুৱা সেৱাত জনগণৰ বহুতো সুবিধা আছে আৰু চৰকাৰে তাক কেৱল নিশ্চিত কৰিব লাগে। জনসাধাৰণক অধিকাৰ প্ৰদান কৰাটো চৰকাৰৰ মূল দায়িত্ব।  তেওঁ লগতে কয়- ২০১০ চনত মধ্যপ্রদেশ চৰকাৰে ৰাজহুৱা সেৱা প্ৰদানৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰি দেশত প্ৰথমবাৰলৈ ৰাজহুৱা সেৱা অধিকাৰ আইন প্ৰণয়ন কৰিছিল। ২০১২ চনত অসমে ৰাজহুৱা সেৱা অধিকাৰ আইন প্ৰণয়ন কৰে। ২০১৯ আৰু ২০২৪ চনত আইনখন দুবাৰকৈ সংশোধন কৰা হৈছিল। ৰাজ্য চৰকাৰে ইতিমধ্যে সেৱাসেতুৰ জৰিয়তে ৭২৫টা বিষয় নাগৰিকৰ অধিকাৰ বুলি ঘোষণা কৰিছে। ইয়াৰে ৬৪টা বিভাগৰ লগতে সঞ্চালকালয় আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্গত তিনিখন স্বায়ত্তশাসিত পৰিষদ আছে। প্রত্যেকটো সেৱা কিমান দিনৰ ভিতৰত দিব লাগে, সেই সম্পর্কে এক সূচীও প’র্টেলত দিয়া হৈছে। মুখ্যমন্ত্রীয়ে কয়- সেৱাসেতু প’ৰ্টেলত আৰম্ভণিৰে পৰা বৰ্তমানলৈকে ১.৫৬ কোটি আবেদন লাভ কৰাৰ বিপৰীতে ইয়াৰে ১.৪ কোটি আবেদন নিষ্পত্তি কৰা হৈছে। আবেদন নিষ্পত্তিৰ হাৰ ৯০ শতাংশৰো অধিক। জনসাধাৰণৰ অধিকাৰ সুনিশ্চিত কৰিবৰ বাবে দেশৰ ৩৪খন ৰাজ্যত ৰাজহুৱা সেৱা অধিকাৰ আইন বলৱৎ কৰা হৈছে। আৰটিআইৰ জৰিয়তেও জনসাধাৰণে তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষত ৰাজহুৱা সেৱা অধিকাৰ আয়োগ গঠন কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছিল আৰু ৰাজহুৱা সেৱা অধিকাৰ সঁচা অৰ্থত এক অধিকাৰ হিচাপে ৰূপান্তৰ কৰিব বিচাৰিছিল। এই লক্ষ্যৰে ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া ড° সুজয়লাল থাউচেনক অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ অধ্যক্ষ, ৰঞ্জন চক্ৰৱৰ্তী আৰু বিমল চন্দ্র ওছোৱালক আয়ুক্ত হিচাপে নিযুক্তি প্রদান কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় আজিৰে পৰা কাৰ্যক্ষম হোৱা লোকসেৱা অধিকাৰ আয়োগ এতিয়াৰে পৰা সহজ আৰু সৰল হ’ব। ৰাজহুৱা এই সেৱাই সকলোকে আদৰি ল’ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সু-শাসনৰ নীতিৰ আধাৰত এই সেৱাৰ জৰিয়তে ৰাইজ উপকৃত হ’ব। তেওঁ কয় যে বিষয়া-কর্মচাৰীসকল এই দিশত অধিক তৎপৰ হ’ব লাগিব। কিয়নো ৰাইজক সঠিকভাৱে ৰাজহুৱা সেৱা অধিকাৰ প্ৰদান কৰিব পাৰিলেহে অসম সু-শাসনৰ কেন্দ্ৰবিন্দুত পৰিণত হ’ব পাৰিব। এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ’দৈমাৰী, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, চন্দ্রমোহন পাটোৱাৰী, অশোক সিংহল, পীযূষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, সঞ্জয় কিষাণ, নন্দিতা গার্লোছাৰ লগতে মুখ্য সচিব ড° ৰবি কোটা আৰু ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।