ৰাঁচীত বিজেপিৰ বৰ্ধিত কার্যনির্বাহক বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ 

ৰাঁচীত বিজেপিৰ বৰ্ধিত কার্যনির্বাহক বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাঁচীত বিজেপি দলৰ বৰ্ধিত কার্যনির্বাহক বৈঠকত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহঃপ্ৰভাৰী অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে। এই বৈঠকত অংশগ্ৰহণ কৰি এখন সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই হেমন্ত ছোৰেন নেতৃত্বাধীন জে এম এম চৰকাৰ আৰু কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে। জে এম এমৰ শাসনকালত ৰাজ্যখনত মা-ভনীৰ ওপৰত নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনা চলি অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়া নিৰ্বাচনৰ সন্মুখত জে এম এম চৰকাৰে মহিলাসকলক মাহে এহেজাৰ টকাকৈ দিয়াৰ কথা কৈছে। যদি চৰকাৰখনৰ নৈতিকতা আছে তেনেহ’লে ৫ বছৰীয়া শাসনকালত মা-ভনীসকলক দিবলগীয়া ৬০ মাহৰ টকা আদায় দিয়ক। ৰাহুল গান্ধীয়ে মহিলাসকলক মাহে ৮,৫০০ টকাকৈ দিয়াৰ কথা কৈছে। ঝাৰখণ্ড, কর্ণাটক, তেলেংগানাত যিহেতু তেওঁলোকৰ চৰকাৰ আছে সেয়ে সেই ৰাজ্যসমূহত ৰাহুল গান্ধীয়ে নির্বাচনী প্ৰচাৰত কোৱাৰ দৰে মহিলাসকলক মাহে ৮,৫০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে। কংগ্ৰেছ চৰকাৰ মিছাৰ সদাগৰ বুলি সমালোচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনত বাবুলাল মাৰাণ্ডীৰ নেতৃত্বত বিজেপিয়ে কাম আৰম্ভ কৰিছে। নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুতৰ কামো আৰম্ভ কৰিছে। অহা ৫ বছৰত বিজেপিয়ে ৰাজ্যখনক কেনেদৰে আগুৱাই নিব সেই পৰিকল্পনা আৰম্ভ কৰিছে। যোৱাবাৰ ৰামনৱমীৰ শোভাযাত্ৰাৰ সময়ত ৰাজ্যখনৰ এখন গাঁৱত এটা বিশেষ সম্প্ৰদায়ৰ লোকে জয় শ্রীৰাম ধ্বনি দিয়াত বাধা প্ৰদান কৰাৰ লগতে পতাকাও নমাবলৈ দিছিল। অথচ আমাৰ দেশৰ জাতিৰ পিতা মহাত্মা গান্ধীয়েও মৃত্যুৰ আগমুহূৰ্তত উচ্চাৰণ কৰা শেষ শব্দটো আছিল ‘হ্যে ৰাম’। হ্যে ৰাম উচ্চাৰণ কৰিহে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল। ৰাম আমাৰ ধৰ্মৰ ভগৱানেই নহয়, প্রত্যেক ভাৰতীয়ৰ হৃদয়ত ৰাম থাকে, ৰাম প্ৰত্যেক ভাৰতীয়ৰ সূর্য। মহাত্মা গান্ধীয়ে জীৱনজুৰি ৰামৰ তপস্যা কৰিছিল। এতিয়া কংগ্ৰেছ আৰু সেই বিশেষ সম্প্রদায়ে গান্ধীজীয়েও ভুল কৰিছিল বুলি ক’ব নেকি? সূর্য আৰু চন্দ্ৰ থকালৈকে জয় শ্ৰীৰাম আমাৰ হৃদয়ত বৰ্তি থাকিব। সেইদৰে ঝাৰখণ্ডত মহৰমৰ সময়ত পেলেষ্টাইনৰ পতাকা উৰুওৱাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ঘটনাৰ পাছত চৰকাৰে কৈছিল- সেয়া সৰু ল’ৰাই উৰুৱাইছিল। কিন্তু সেই পতাকা কোনে নির্মাণ কৰিছিল? ঝাৰখণ্ডত বিজেপি চৰকাৰ আহিলে পেলেষ্টাইনৰ পতাকা উৰুওৱাসকলৰ বিৰুদ্ধে দেশৰ সংবিধান অৱমাননাৰ গোচৰ ৰুজু কৰা হ’ব বুলি, মুখ্যমন্ত্রীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই  লগতে কয় যে জে এম এম চৰকাৰৰ কাৰ্যকাল আৰু তিনি মাহ আছে। অনুপ্ৰৱেশকাৰীৰ ভোটেৰে তেওঁলোকে বহুদিন ৰাজত্ব কৰিব নোৱাৰে। এইবাৰৰ নিৰ্বাচন কাৰোবাক বিধায়ক নির্বাচিত কৰাৰ নিৰ্বাচন নহয়, ঝাৰখণ্ডৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰহে নিৰ্বাচন। ঝাৰখণ্ড চৰকাৰে চৰকাৰী চাকৰিৰ বিজ্ঞাপনত অনুসূচিত জাতিৰ বাবেও সংৰক্ষণৰ ব্যৱস্থা নৰখাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে অথচ তেওঁলোকেই সংবিধান ৰক্ষাৰ কথা কয়। হাতত সংবিধান ল’লেই সংবিধান ৰক্ষা নহয়, কাম-কাজো সংবিধান অনুসৰি কৰিব লাগে। আসন্ন বিধানসভা নির্বাচনত ৰাজ্যখনত যদি বিজেপি জয়ী হ’ব নোৱাৰে, অহা সময়ত ঝাৰখণ্ডত আৰু পেলেষ্টাইনৰ পতাকা দেখা যাব, ৰামনবমীৰ অনুষ্ঠানত আৰু অধিক হুলস্থূল হ’ব।ঝাৰখণ্ডৰ বিজেপি দলৰ কার্যকর্তাসকলক সঁচাই দেৱতুল্য বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ঝাৰখণ্ডত এইবাৰ বিজেপিৰ চৰকাৰ গঠন হ’লে দেশৰ ৫খন আগশাৰীৰ ৰাজ্যৰ ভিতৰত ঝাৰখণ্ডকো গঢ়ি তোলা হ’ব।