ৰহাৰ হগলতলিত মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰহাৰ হাৰিয়াপাৰ হগলতলিত এটা মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মৃতদেহটো মোবাৰক আলী নামৰ এজন লোকৰ বুলি জানিব পৰা গৈছে। নিজ ঘৰৰ চৌহদতে উদ্ধাৰ মোবাৰক আলী নামৰ লোকজনৰ মৃতদেহ।  লোকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ। মৃতদেহটোৰ কাষত মোবাইল ফোন, চাৰ্জাৰ উদ্ধাৰ কৰিছে । ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ঘটনাৰ বিৱৰণী মতে, ককায়েকৰ সৈতে সামান্য কথাতে মোবাৰকৰ কাজিয়াৰ সূত্রপাত হৈছিল। ঘটনাৰ পিছত যুৱকজনে ঘৰৰ পৰা ওলাই গৈ বহু সময় যুৱকজন ঘৰলৈ উভতি নহাত মাকে ফোন কৰে যদিও কোনো সঁহাৰি নাপায়। পিছত পুৱা ঘৰৰ পাছফালে উদ্ধাৰ কৰে মোবাৰকৰ মৃতদেহ। ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব।