অণুগল্প
ৰহস্য
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
ঠাহ খাই থকা মানুহৰ পৰা একোৱেই দেখা নাপালোঁ।এজনে কোৱা শুনিলোঁ মূৰটো কাটি কোনোবাই পথৰ কাষৰ খালত পেলাই থৈ গৈছে।মটৰ চাইকেলখন ৰখাই এখোজ আগবাঢ়িব লওতেই ঘড়ীটোলৈ চকুত পৰিল, ৯:৩০ বাজিল।বিদ্যালয়লৈ দেৰি হ’ব বুলি ভিৰৰ মাজেৰেই বাট ললোঁ।
ঘৰত আহি টি ভি স্ক্ৰীনত বাজি থকা বাতৰিটো শুনি মই হতভম্ব।সেইদিনা লগ পাই অহা মানুহজন আজি ! কিবা কবলৈয়ো নোকোৱাকৈ ৰৈ গৈছিল,পুনৰ লগ হোৱাৰ কথা দি।
