ৰহস্য – চন্দ্ৰ শেখৰ পৰাজুলী

Pc Shutterstock

অণুগল্প

ৰহস্য

চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি

ভাস্কৰে নতুন গাড়ী এখন ললে। ববিতা মানে তাৰ প্ৰিয়তমাক এই কথা আগতে কেতিয়াও কোৱা নাছিল।কিয়নো তাই বৰ অমায়ক ছোৱালী যেন অনুভৱ হৈছিল ভাস্কৰক। সেয়েহে বেছিকৈ অলাগতিয়াল বস্তুৰ প্ৰতি তাইৰ কোনো লালসা নাছিল। উপহাৰবোৰো তাইক দিব লগা হলেও উপযাচিহে দিব লগা হৈছিল। নিজ ইচ্ছা অনুসৰি তাই এইবোৰ বেয়া পাইছিল। অযথা খৰচ।

ভাস্কৰ আৰু ববিতা এদিন নিজ গাড়ীত বহি বাহিৰলৈ ভ্ৰমণৰ বাবে ওলাল। কিছদুৰ যোৱাৰ পাছতে হঠাৎ পাছফালেদি অন্য এখন গাড়ী আহি ভাস্কৰৰ নতুন গাড়ীত খুন্দা মাৰিলে। কি হল,কোনে কৰিলে এইবোৰ বুলি লৰালৰিকৈ গাড়ীৰ বাহিৰ হওতে। ববিতাই অন্য এজন অচিনাকি পুৰুষৰ কৰি আছিল আলিংগন ৷ সকলোবোৰ কথা-বতৰা সামৰি ভাস্কৰ লাহে লাহে নিজ ঘৰৰ দিশে ওভতি আহি আছে। তেনেতেই ফোন কল এটা আহিল। মই তোমাৰ প্ৰিয়তমা আছিলোঁ। কিন্ত ৰমেন মোৰ বহু অতীতৰে প্ৰেমিক।গতিকে ভুল নুবুজিবা। মই আৰু ওভতি নাহো।

ভাস্কৰে আজিকালি বহু অকলশৰীয়া অনুভব কৰিব ধৰিছে।একোতে মন নবহা হল।ঘৰৰ বাৰান্দাখনত বহি এটা হতত চাহ একাপ তুলি লৈ বহু দিনৰ পিছত কোনোমতে বাতৰি কাকত এখন লুটিয়াব ধৰিছে। কিন্তু বাতৰিৰ মাজ পৃষ্ঠাত ববিতাক দেখি হতভম্ব হল। তাতে লিখা আছিল এইদৰে” পুলিচৰ অনুসন্ধানত ধৰা পৰিল অৰ্ধনগ্ন অবস্থাত স্নেহা নামৰ ছোৱালী।” তেন্তে ভাস্কৰে ইমানদিন ধৰি কাক বা ভাল পাই আছিল। সেইটোৱেই আজিও ৰহস্য। দেখিবলৈ একে হলেও নাম কিন্তু বেলেগ।